অসম

assam

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন তীব্ৰবেগী বাহনৰ মুখামুখি সংঘৰ্ষ

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 8:36 PM IST

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন তীব্ৰবেগী বাহনৰ মুখামুখি সংঘৰ্ষ

মৰাণ, 5 ডিচেম্বৰ : ডিব্ৰুগড় চাউলখোৱাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ তীব্ৰবেগী দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষক হোৱাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৷ এই দুৰ্ঘটনাত অতি সংকটজনক অৱস্থাত বাহনখনৰ মহিলা চালকক AMCH ত ভৰ্তি কৰা হৈছে ৷

ডিব্ৰুগড়ৰ চাউলখোৱাত সংঘটিত হৈছে এই দুৰ্ঘটনা । চাউলখোৱাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী দুখন বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ঘটনা অনুসৰি সন্ধিয়া তিনিচুকীয়া দিশৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা তীব্ৰবেগী AS 06 L5936 চেভ্ৰ'লেট বিট বাহনখনে AS 06 AG 5560 বাহনখনৰ লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত চালকৰ আসনত থকা মহিলাগৰাকী গুৰুতৰভাৱে আহত হয় ৷ লগে লগে মহিলাগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

আনহাতে ঘটনা সংঘটিত কৰা বাহনখনৰ চালকসহ গাড়ীত অহা লোকসকলে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে। ঘটনাৰ পাচতে বহু সময় ধৰি চাউলখোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ উত্তেজনা আৰু যানজঁটৰ সৃষ্টি হয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক:কটাহবাৰীৰ গেষ্ট হাউচত উদ্ধাৰ যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details