কটাহবাৰীৰ গেষ্ট হাউচত উদ্ধাৰ যুৱকৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 5:10 PM IST

thumbnail

গুৱাহাটী,৫ ডিচেম্বৰ : গুৱাহাটী মহানগীৰত চাঞ্চল্যকৰ ঘটনা । গেষ্ট হাউচত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ । কটাহবাৰীৰ খুচি গেষ্ট হাউচৰ ১০৯ নম্বৰ কোঠাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ । সোমবাৰে বিয়লি কোঠাটোলৈ আহিছিল যুৱকজন । কিন্তু একেটা কোঠাতে মঙলবাৰে পুৱা যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । কিন্তু যুৱকজনৰ কেনেকৈ মৃত্যু হ'ল তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

অত্যধিক নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । মৃত যুৱকজন বাইহাটা চাৰিআলিৰ পৰশ মণি কাকতি বুলি জানিব পৰা গৈছে । তেওঁৰ বয়স ৩২ বছৰমান হ'ব বুলি অনুমান কৰা হৈছে । খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে । যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :খানাপাৰা উৰণ সেতুৰ ওপৰৰ পৰা তললৈ পেলাই হত্যাৰ চেষ্টা এজনক !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.