অসম

assam

Burmese Supari seized:ডিফু ৰে’ল ষ্টেছনত অবৈধ বাৰ্মিজ চুপাৰিসহ এটা সৰবৰাহকাৰী আটক

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:07 AM IST

বাৰ্মিজ চুপাৰিসহ এটা সৰবৰাহকাৰী আটক

কাৰ্বিআংলং, ৬ অক্টোবৰ : অসম আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছ আৰু অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে চলাই আছে ধাৰাবাহিক অভিযান ৷  কেইবাটাও অভিযান চলাই সফলতা লাভ কৰাৰ পিচত এইবাৰ সৰবৰাহৰ পথ সলাইছে সৰবৰাহকাৰীয়ে ৷

শুকুৰবাৰে ৰে’ল পথেৰে অবৈধ বাৰ্মিজ চুপাৰি সৰবৰাহ কৰি থাকোতেই ডিফুত আৰক্ষীৰ জালত পৰে এটা বাৰ্মিজ চুপাৰি সৰবৰাহকাৰী ৷ প্ৰাপ্ত খবৰ অনুসৰি, শুকুৰবাৰে সন্ধিয়া ডিফু থানাৰ অচি জে এছ খবুঙৰ এক গোপন খবৰৰ ভিত্তিত উপ আৰক্ষী অধীক্ষক দিলীপ মিলি (মুখ্য)ৰ নেতৃত্বত উপ পৰিদৰ্শক দেৱ প্ৰতিম কোঁৱৰ, জিআৰপি আইচি মণি মেচ আৰু ষ্টাফৰ যুটীয়া অভিযানত তিনিচুকীয়া-লামডিং যাত্ৰীবাহী ৰে’লত তালাচী চলাই ১০ বস্তা বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই বাৰ্মিজ চুপাৰিখিনি সৰবৰাহৰ লগত জড়িত হোজাই জিলাৰ লংকা ৯ নং ৱাৰ্ডৰ নেতাজী ৰোডৰ অতুল দে’ৰ পুত্ৰ সঞ্জয় দে’ (৩৬)ক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত ডিফু আৰক্ষীয়ে ডিফু জি আৰপিত এক এজাহাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Burmese Supari at Raha: ৰহাত 25 বস্তা বাৰ্মিজ চুপাৰি জব্দ, আটক ডাম্পাৰৰ চালক

ABOUT THE AUTHOR

...view details