অসম

assam

Bharat Jodo Yatra : কোন কংসক দমন কৰিব খুজিছে ভূপেন বৰাই ?

By

Published : Nov 13, 2022, 4:19 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

অসম প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ (Congress Bharat Jodo Yatra) এটা দল বৰপেটা জিলাৰ পৰা আহি শনিবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত উপস্থিত হয় ৷ শনিবাৰে এই যাত্ৰাৰ দিনটোৰ কাৰ্যসূচীৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৰামপুৰৰ গোপাল থানৰ প্ৰাংগনত উপস্থিত হয় (Team Bharat Jodo Yatra at Rampur Raas)৷ নলবাৰীৰ ৰামপুৰত অনুষ্ঠিত হৈ থকা ৬৭ তম শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত উপস্থিত হৈ এক ৰাজহুৱা সভাতো অংশ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা আৰু দলীয় কিছু নেতা-কৰ্মী ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details