অসম

assam

Asam Sahitya Sabha Conference : সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত উন্মোচিত স্মৃতিগ্ৰন্থসহ প্ৰায় 35খন গ্ৰন্থ

By

Published : Feb 1, 2023, 9:46 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত উন্মোচিত স্মৃতিগ্ৰন্থসহ প্ৰায় 35খন গ্ৰন্থ

বিহপুৰীয়া, 1 ফেব্ৰুৱাৰী : দ্বিতীয় দিনাও উখল-মাখল পৰিৱশ নাৰায়ণপুৰৰ ঐতিহাসিক বৰখামতি পথাৰৰ মনিকাঞ্চন ক্ষেত্ৰত ৷ হাজাৰ হাজাৰ সাহিত্য অনুৰাগীয়ে ভিৰ কৰিলে অসম সাহিত্য সভাৰ ষটসপ্ততিতম পূৰ্ণাংগ অধিৱেশনস্থলীত (Asam Sahitya Sabha Narayanpur Conference)৷ পুৱা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই পতাকা উত্তোলনেৰে আৰম্ভ কৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী ৷

ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক প্ৰশান্ত দত্তই ৷  ইয়াৰ পাছতে অসম সাহিত্য সভাৰ স্মৃতিসূৰ্য সন্মানেৰে সন্মানিত গোলোক হাজৰিকাই মুখ্য তৰ্পক হিচাবে উপস্থিত থকা কাৰ্যসূচীত বিশিষ্ট নাট্যকৰ্মী চৈয়দ নাজিম আহমেদেও স্বহীদ তৰ্পন কৰে । আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই শুভ উদ্বোধন কৰা মূল মঞ্চতে বিশিষ্ট সাংবাদিক তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক মনোজ কুমাৰ গোস্বামীয়ে (Jounalist Manoj Kumar Goswami) অধিবেশনৰ উপলক্ষে ৬০০ পৃষ্ঠাজোৰা ‘নাৰায়ণপুৰ দৰ্পণ’ নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে (Souvenir of Asam Sahitya Sabha Narayanpur Conference )৷

ইয়াত লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও লেখক-সাহিত্যিকে লিখি উলিওৱা কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় ৷ পৰৱৰ্তী পৰ্যায়ত গ্ৰন্থমেলা মঞ্চত জনপ্ৰিয় বিজ্ঞান সাহিত্য সন্মিলন, মূলমঞ্চত কবি সন্মিলন, মাধৱদেৱ বিশ্ব বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰতিনিধি সভা, অধিৱেশনস্থলীত কুঁহি অনুষ্ঠান, ডিজিটেল সাহিত্য সন্মিলন, ন-উদ্যোগী সন্মিলন আদি অনুষ্ঠিত হয় ৷

ইফালে প্ৰদৰ্শনী মেলা, বাণিজ্য মেলা, গ্ৰন্থ মেলা আদিতো হাজাৰ হাজাৰ লোকে আহি ভিৰ কৰা পৰিলক্ষিত হয় ৷ এইদৰেই অসম সাহিত্য সভাৰ পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী সফলভাৱে ৰূপায়িত হয় ৷

লগতে পঢ়ক :Asam Sahitya Sabha conference : নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰলৈ সাহিত্যানুৰাগীৰ সোঁত

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details