অসম

assam

Smuggled Timber Sized in Nagaon: উলুৱনী আৰক্ষীৰ জালত পৰিল চোৰাং কাঠ সৰবৰাহকাৰী

By

Published : May 18, 2023, 12:35 PM IST

চোৰাং কাঠভৰ্তি বাহন জব্দ

কলিয়াবৰ, ১৮ মে':ৰাজ্যত অব্যাহত আছে বনজ সম্পদৰ চোৰাং বেহা (Timber smuggling in Assam)। ইয়াৰ মাজতে বুধবাৰে নিশা কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ জালত পৰিল চোৰাং কাঠৰ ফাণ্টাসহ ৪০৭ ট্ৰাক (Smuggling timber seized in Kaliabor)।  

কাৰ্বি আংলঙৰ পৰা ৩৭ নম্বৰ  ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে এএছ ০৩ এ ৬৬৮১ নম্বৰৰ ৪০৭ ট্ৰাকেৰে চোৰাং কাঠখিনি চামগুৰি অঞ্চললৈ সৰবৰাহ কৰোতেই উলুৱনী আৰক্ষীৰ নিয়মীয়া তহলদাৰী গোটৰ জালত পৰে । আৰক্ষীয়ে চোৰাং কাঠ কঢ়িয়াই অনা ট্ৰাকখনৰ চালক বাগৰি থানাৰ এলেকাধীন নজানৰ নুৰ ইছলামক গ্ৰেপ্তাৰ কৰে (Timber smuggler arrested in Nagain)। আৰক্ষীয়ে জব্দকৃত চোৰাং কাঠভৰ্তি বাহনখন পৰৱৰ্তী সময়ত বন বিভাগক গতাই দিয়ে ।

লগতে পঢ়ক:Exclusive description: জোনমণিৰ ৰাভাৰ ৰখাই থোৱা গাড়ীত খুন্দিয়াইছিল কন্টেইনাৰখনে ! প্ৰত্যক্ষদৰ্শীয়ে দিলে বৰ্ণনা

ABOUT THE AUTHOR

...view details