অসম

assam

মাজুলীত বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ

By

Published : Sep 30, 2022, 9:11 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

মাজুলীৰ একাংশ সাংবাদিকৰ প্ৰচেষ্টাত লাচন কুমাৰ চাপৰিত শিৱসাগৰৰ পৰা অহা প্ৰায় বিশ কুইণ্টল চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয় নতুন বজাৰ আৰক্ষীয়ে (Smuggled rice seized at majuli)। সংবাদ মাধ্যমৰ কেমেৰা দেখিয়েই উক্ত স্থান এৰি পলাই পত্ৰং দিয়ে চোৰাং বেপাৰীসহ এখন টেক্টৰ । প্ৰাপ্ত খবৰ অনুসৰি শিৱসাগৰ জিলাৰ পৰা চিকাৰী ঘাটেৰে ভূট-ভূটি নাৱেৰে প্ৰায়ে মাজুলীলৈ সৰবৰাহ হয় চোৰাং চাউল । প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আৰু ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা যোজনাৰ অধীনৰ বুলি সন্দেহ কৰা হৈছে চাউলখিনি ৷ চাউলৰ এই চোৰাং ব্যৱসায় লগত শিৱসাগৰৰ কোন সমবায় সমিতি জড়িত তথা কোন চোৰাং বেপাৰীয়ে চাউল সৰবৰাহ কৰে সেইটো বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷ বৰ্তমান নতুন বজাৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details