অসম

assam

Crime in Bongaigaon: বঙাইগাঁৱত দিন দুপৰতে ডকাইতে লুটিলে লক্ষাধিক টকা

By

Published : Dec 14, 2022, 7:43 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

বঙাইগাঁও জিলাৰ বালাৰচৰত মঙলবাৰে দিন দুপৰতে ডকাইতিকাণ্ড সংঘটিত হয় (Robbery at Balarchar in Bongaigaon)। বালাৰচৰ বি কে জুনিয়ৰ কলেজৰ সন্মুখত দুৰ্বৃত্তই দুজন পথচাৰীক বাট আগুচি ধৰি প্ৰচণ্ড মাৰপিট কৰি লুটি নিয়ে প্ৰায় লক্ষাধিক টকা । দুৰ্বৃত্তৰ মাৰপিটত গুৰুতৰভাৱে আহত হয় দুই পিতা-পুত্ৰ ক্ৰমে আলি খান আৰু ছাইদুল ইছলাম(Two person beaten by robber) । ভুক্তভোগী লোকদ্বয়ৰ ঘৰ গোলাপাৰা গাঁৱত । ডকাইতি কাণ্ডত ছকেৰ আলী, ছাদেক আলী, গেন্দা, নাজিৰ, কালু, ছবুৰ, মনো জড়িত বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে । ডকাইতি কাণ্ডত জড়িতসকলৰ ঘৰ কীৰ্ত্তনপাৰাৰ সাজালপাৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য় যে পুৱা গোলাপাৰাত ট্ৰেক্টৰেৰে অবৈধভাৱে মাটি কটাক লৈ দুয়ো পক্ষৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা হৈছে (Clash between two parties at Balarchar)।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details