অসম

assam

দীপাংকৰৰ মৃত্যুৰ ন্যায় বিচাৰি তিতাবৰ থানা ঘেৰাও কৰিলে দল-সংগঠনৰ

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 1:35 PM IST

Updated : Dec 27, 2023, 2:05 PM IST

তিতাবৰ থানা ঘেৰাও কৰিলে দল সংগঠনে

তিতাবৰ, 27 ডিচেম্বৰ :যোৰহাট জিলাৰতিতাবৰ থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷ দীপাংকৰ গগৈৰ মৃত্যুৰ ন্যায় বিচাৰি তিতাবৰ থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে স্থানীয় মহিলাৰ লগতে কৃষক মুক্তি আৰু বীৰ লাচিত সেনাৰ সদস্যই ৷

মঙলবাৰে আৰক্ষীৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি দীপাংকৰ গগৈ নামৰ যুৱকজনে নিজ ঘৰৰ পিচফালে চাহ বাগানৰ এডাল গছত চিপ লাগি আত্মহননৰ পথ বাচি লয় ৷ পৰিয়ালৰ লোকে এই সমগ্ৰ ঘটনাৰ বাবে আৰক্ষী দায়ী বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ 

যোৰহাটৰ সেনা ছাউনীৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত বিগত কিছুদিন ধৰি দীপাংকৰক দিনে নিশাই আৰক্ষীৰ ছাউনীলৈ লৈ গৈ জেৰা কৰাৰ লগতে মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:প্ৰতিদিনে আৰক্ষীৰ জেৰা আৰু মাৰপিট, অৱশেষত গছত চিপ লৈ হত্যা দীপাংকৰৰ

Last Updated : Dec 27, 2023, 2:05 PM IST

ABOUT THE AUTHOR

...view details