অসম

assam

Eviction in Guwahati: শিলসাঁকোৰ পিচত উচ্ছেদক লৈ আতংকিত বিলপাৰবাসী

By

Published : Mar 22, 2023, 11:00 PM IST

Updated : Mar 23, 2023, 6:31 AM IST

প্ৰশাসনৰ বুলড'জাৰ পৰিব চূণচালিৰ বিলপাৰত

গুৱাহাটী,২২ মাৰ্চ:শিলসাঁকোৰ পিচত এইবাৰ প্ৰশাসনৰ বুলড'জাৰ পৰিব গুৱাহাটীৰ নুনমাটিৰ চূণচালিৰ বিলপাৰ অঞ্চলত (Fear of eviction in Sunsali) । ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এই কথা স্পষ্ট হোৱাৰ পিছত উচ্ছেদৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী । জানিব পৰা মতে, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ চমুকৈ জি এম ডিএৰ অধীনত নিৰ্মাণ হ'বলগীয়া এটা পানীৰ প্ৰকল্পৰ বাবে চলিত মাহৰ শেষৰফালে কামৰূপ মহানগৰ জিলা প্ৰকাশনে উচ্ছেদ চলাব বিলপাৰ অঞ্চলৰ ২৪ বিঘা চৰকাৰী ভূমিত (Water project of GMDA) । বুধবাৰে বিলপাৰ অঞ্চলত জল জীৱনৰ প্ৰকল্প বিষয়া সৈতে গুৱাহাটী ৰাজহ চক্ৰৰ ৪ গৰাকী লাট মণ্ডল উপস্থিত হৈ জোখ- মাপ কৰে ।  

বিলপাৰ অঞ্চলৰ উক্ত ভূমিত বসবাস কৰা লোকৰ ২০ টা বাসগৃহ উচ্ছেদৰ বাবে চিনাক্ত কৰি এখন তালিকা প্ৰস্তুত কৰা হৈছে । ইফালে, বিলপাৰ অঞ্চলত গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ তথা স্থানীয় পাৰিষদ মনোজ নাথে উচ্ছেদক লৈ অঞ্চলবাসী ৰাইজক ভীতিগ্ৰস্ত নহ'বলৈ আহ্বান জনাই  কয় যে,বিলপাৰ অঞ্চলৰ সম্পূৰ্ণ ভূমি উচ্ছেদ কৰা নহয় (Eviction drive in Guwahati) । 

কেৱল পানীৰ প্ৰকল্পৰ বাবেহে বিলপাৰৰ চৰকাৰী ভূমিৰ কিছু অংশ উচ্ছেদ হ'ব । আনহাতে, দীৰ্ঘদিন ধৰি বিলপাৰ অঞ্চলত বসবাস কৰি পকী ঘৰ দুৱাৰ  নিৰ্মাণ কৰাৰ পিছত চৰকাৰ তথা প্ৰশাসনৰ এই উচ্ছেদক লৈ সম্প্ৰতি শংকাৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে ৰাইজে । সেয়েহে অঞ্চলবাসীয়ে উচ্ছেদ বন্ধ কৰাৰ বাবে স্থানীয় বিধায়ক অতুল বৰাৰ হস্তক্ষেপ দাবী কৰিছে ।

লগতে পঢ়ক: Mass signature campaign: পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতাৰে মহিলাৰ কংগ্ৰেছৰ গণ স্বাক্ষৰ অভিযান

Last Updated : Mar 23, 2023, 6:31 AM IST

ABOUT THE AUTHOR

...view details