অসম

assam

ডুমডুমাত ষঠ পূজাত পিতৃ-মাতৃৰ সোঁৱৰণত সামগ্ৰী বিতৰণ

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 2:30 PM IST

ডুমডুমাত ষঠ পূজাৰ প্ৰস্তুতি

তিনিচুকীয়া, ১৮ নৱেম্বৰ:ষঠ পূজাৰ বতৰত তিনিচুকীয়া জিলাৰ ডুমডুমাত তিনিজন লোকে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ডুমডুমাৰ সোণাৰীপট্টিত মিলন যাদৱ, সূৰজ যাদৱ আৰু কিৰণ যাদৱ নামৰ তিনি ভাতৃয়ে একলগে পিতৃ-মাতৃৰ সোঁৱৰণত দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰি আহিছে ষঠ পূজাৰ প্ৰয়োজনীয় সামগ্ৰী ৷

বিগত ৯ বছৰৰ পৰা তিনি ভাতৃয়ে পিতৃ জৱাহিদ প্ৰসাদ আৰু মাতৃ মঞ্জু দেৱীৰ সোঁৱৰণত বিভিন্ন সামগ্ৰী প্ৰদান কৰি অহাৰ দৰেই আজিও সোণাৰীপট্টিত ৩০০ দৰিদ্ৰ পৰিয়ালৰ লোকক টুকুৰি, নাৰিকল, সেন্দূৰ, ধূপ, ইটা, জুইশলা, ফোঁটকে আদি কৰি পূজাত প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী প্ৰদান কৰে ৷ মাতৃ-পিতৃৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছে । এই পূজাত যাতে কোনো দুখীয়া লোকৰ অসুবিধা নহয় সেইবাবে পূজাত ব্যৱহৃত সামগ্ৰীসমূহ এনেদৰেই আগন্তুক দিনসমূহতো ৰাইজক প্ৰদান কৰিব বুলি তেওঁলোকে উল্লেখ কৰে  ৷

লগতে পঢ়ক:খোৱাঙত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী

ABOUT THE AUTHOR

...view details