অসম

assam

Land dispute case: যুৱকৰ মানসিক হেঁচা সহিব নোৱাৰি বৃদ্ধৰ আত্মহত্যা

By

Published : May 7, 2023, 10:25 PM IST

যুৱকৰ মানসিক হেঁচা সহিব নোৱাৰি বৃদ্ধৰ আত্মহত্যা

টীয়ক, 7 মে’: যোৰহাট জিলাৰ টীয়কত ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি (Land dispute case) ৷ এগৰাকী যুৱকৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি এজন বৃদ্ধই দেওবাৰে আত্মহননৰ পথ বাচি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Old man commits suicide) ৷ জয়ন্ত বৰা নামৰ মিধাখাটৰ যুৱকজনৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি টীয়ক সোণাৰি গাঁৱৰ ভুৱন বৰদলৈ (65) নামৰ ব্যক্তিজনে আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে (Land dispute case at Teok)। 

জানিব পৰা মতে, বিগত বহুদিন ধৰি জয়ন্ত বৰা নামৰ লোকজনে মণ্ডল সহিতে গাঁওবুঢ়াক লগত লৈ ভুৱন বৰদলৈৰ গৃহলৈ আহি মাটি কাঢ়ি লোৱাৰ ভাবুকি প্ৰদান কৰিছিল । ইয়াৰ পিচতে আজি পুৱা লোকজনে নিজ বাসগৃহত জীৱনৰ চৰম পথ বাচি লয় ৷ 

এই ঘটনাৰ পিচতে লোকজনৰ পৰিয়ালৰ লোকে অভিযুক্ত জয়ন্ত বৰাই অকৰ্তৃত্বশীলভাৱে ভুৱন বৰদলৈৰ মাটি সম্পত্তি কাঢ়ি লোৱাৰ চক্ৰান্ত কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে । ইতিমধ্যে ঘটনাস্থলীত টীয়ক আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Satgoan fake currency: সাতগাঁৱত গ্ৰেপ্তাৰ হোৱা জালনোট ব্যৱসায়ী চাহিদুলক চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details