অসম

assam

NSCN cadre detained: মৰিয়নী জংচনত NSCN কেডাৰৰ পৰা প্ৰায় ১০ লক্ষাধিক টকা জব্দ

By

Published : Apr 13, 2023, 4:29 PM IST

মৰিয়নী জংচনত NSCN কেডাৰৰ পৰা প্ৰায় ১০ লক্ষাধিক টকা জব্দ

মৰিয়নী, 13 এপ্ৰিল: বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ পম খেদি মৰিয়নী জংচনত ১৫৬০৪ নং নামনিমুৱা ইন্টাৰচিটী এক্সপ্ৰেছত GRP আৰু RPF ৰ এটা দলে অভিযান চলাই ৷ ৰে’ল আৰক্ষীয়ে এই অভিযানত ৰে’লখনৰ পৰা NSCN ৰ সন্দেহত এগৰাকী নগা যুৱকক আটক কৰে (Suspected NSCN cadre detained )। আৰক্ষীয়ে আটক কৰা যুৱকজনৰ পৰা নগদ ১০ লাখ ১৬ হাজাৰ ৫০০ টকা জব্দ কৰিবলৈ সক্ষম হয় (10 lacs rupees seized at Mariani) ৷ ধৃত যুৱকজন অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ অন্তৰ্গত জয়ৰামপুৰৰ নিবাসী থিংগাও মৈনাক বুলি জানিব পৰা গৈছে ৷ 

সম্প্ৰতি মৰিয়নী ৰে’ল আৰক্ষীয়ে সন্দেহযুক্ত NSCN কেডাৰকজনক সোধা পোছা অব্যাহত ৰাখিছে । আৰক্ষীয়ে ধৃত NSCN কেডাৰজনে অনা বুজন পৰিমাণৰ ধনখিনি নিষিদ্ধ ঘোষিত সংগঠন NSCN ৰ বাবে লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে GRP 03/2023 U/S 120(B)/121/121(A)/386 UPC R/W section 10/13,14/17/18/20/21 UA(P) গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷  

লগতে পঢ়ক:Attempt to Rape: মাজুলীৰ অফলামুখ ফেৰীঘাটৰ সমীপত বহিঃৰাজ্যৰ যুৱতীক ধৰ্ষণৰ চেষ্টা

আটকাধীন যুৱকজনে টকাখিনি ক’ৰ পৰা কিয় আনিছে তাৰ কোনো যাৱতীয় তথ্য দিব পৰা নাই বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বিভিন্ন অবৈধ সৰবৰাহৰ বাবে একাংশই ৰে’লক সুচল ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহা গুৰুতৰ অভিযোগ উথাপিত হৈছে ৷

ABOUT THE AUTHOR

...view details