অসম

assam

শোৱাপাটীতে যুৱকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 1:37 PM IST

শোৱাপাটীতে যুৱকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা

চিৰাং, 13 ডিচেম্বৰ :মঙলবাৰে মাজনিশা চিৰাং জিলাৰ পানবাৰীৰ দৈলংঝাৰত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । নিশা শুই থকা অৱস্থাত চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰা হয় এজন যুৱকক ।মৃত যুৱকজন মতিলাল বৰ্মন (24) বুলি জানিব পৰা গৈছে ৷ লগে লগে নিশাই সংকটজনক অৱস্থাত যুৱকজনক বঙাইগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

একেখন বিচনাত শুই থকা ভতিজাকে জানিবলৈ দিয়া অনুসৰি দুই দুৰ্বৃত্তই মুখত ক’লা কাপোৰ বান্ধি আহিছিল ৷ এজনে মতিলাল বৰ্মনক মুখত সোপা দি ধৰিছিল আৰু আন এজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। অৱশ্যে হত্যাৰ কাৰণ এতিয়ালৈ পোহৰলৈ অহা নাই ৷ 

মৃত মতিলাল বৰ্মন পেছাত এগৰাকী ই-ৰিক্সা চালক ৷ সম্প্ৰতি ঘটনাস্থলীত বিজনী মহকুমা আৰক্ষী বিষয়াসহ পানবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । এই ঘটনা সংক্ৰান্তত স্থানীয় লোকৰ লগতে চিৰাং জিলা আক্ৰাছুৰ প্ৰাক্তন সভাপতি শয়ন সিংহই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক:ৱাহ ৱাহ ! বন্যহস্তীক বাঁহেৰে মৰিয়াই বীৰত্ব জাহিৰ কমলৰ

ABOUT THE AUTHOR

...view details