অসম

assam

অসমবাসীলৈ বিধায়ক ফণীভূষণ চৌধুৰীৰ বিহুৰ শুভেচ্ছা

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 2:26 PM IST

ভোগালী বিহু উদযাপন

বঙাইগাঁও, 15 জানুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত পৰম্পৰা অনুসাৰে ভোগালী বিহু উদযাপন কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী ৷ শতাধিক ৰাইজৰ লগতে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ উপস্থিতিত বঙাইগাঁও জিলাৰ বিশিষ্ট সমাজসেৱিকা চিত্ৰাবালা দাসে ৰাজহুৱাভাবে বৰপাৰা ৰাজহুৱা খেলপথাৰৰ মেজি দাহ কৰে আৰু সকলোৰে মংগল কামনাৰে মেজিৰ আগত সেৱা লয় সকলোৱে । 

সমান্তৰালকৈ স্থানীয় ৰাইজে ভোগালীৰ পিঠা জলপান খোৱাৰ লগতে নাচিবাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । অনুষ্ঠানটিত ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটিত উপস্থিত থাকি বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমযোগে সমগ্ৰ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনায় ।

লগতে পঢ়ক:আমাক বৰপেটা সমষ্টি দিলে সহজতে জিকিম: ফণীভূষণ চৌধুৰী

ABOUT THE AUTHOR

...view details