অসম

assam

Actor Siddhartha Sarmah : কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা সম্প্ৰতি সুস্থ

By

Published : Nov 13, 2022, 4:34 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

কেকে হিচাবে খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ স্বাস্থ্য সম্প্ৰতি সুস্থ (Health condition of Siddhartha Sharma)। উচ্চ ৰক্ত চাপৰ বাবেই ষ্ট্ৰ’ক হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল অভিনেতাগৰাকী (Actor Siddhartha Sharma)। ইতিমধ্যে অভিনেতাজনৰ চিটি স্কেন সম্পন্ন হৈছে । এম আৰ আই ৰিপ’ৰ্ট অহাৰ পাছতহে স্পষ্ট হ’ব সকলো কথা । কিছুদিন হাস্পতালতেই কটাব লাগিব অভিনেতা সিদ্ধাৰ্থ শৰ্মা । চিকিৎসক শশাংক বৰুৱা আৰু অশোক কায়েলৰ তত্বাৱধনাত অব্যাহত আছে চিকিৎসা । উল্লেখ্য যে ৰাসৰ বাবে বিগত সময়ছোৱাত কৰ্মক্ষেত্ৰত যথেষ্ট ব্যস্ত আছিল অভিনেতাগৰাকী । উচ্চ ৰক্তচাপৰ সমস্যাৰ বাবে শনিবাৰে বিয়লি মহানগৰীৰ হেল্থ চিটি হস্পিতালত ভৰ্তি হৈছিল অভিনেতাগৰাকী (Health City Hospital Guwahati)।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details