অসম

assam

Erosion of Beki river: কলগাছিয়াৰ বৰডাঙা গাঁৱত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ

By

Published : Jun 17, 2023, 3:48 PM IST

গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ

জনিয়া, 17 জুন : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডাঙা গাঁৱত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া অব্যাহত আছে । বিগত বৰ্ষত প্ৰলয়ংকাৰী বানে তচ-নচ কৰাৰ পিচত বেকী নদীয়ে কেইবাখনো গাঁৱত আৰম্ভ কৰিছে বিধ্বংসী গৰাখহনীয়া । খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধি সকলক স্থানীয় ৰাইজে কেইবাবাৰো দাবী জনাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ৰাইজে বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, গৰাখহনীয়া প্ৰতিৰোধ কৰক, অবৈধ মাটি খনন বন্ধ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।

উল্লেখ্য যে খৰালীৰ সময়ত চৰকাৰে আৱন্টন দিয়া বিশ্ব বেংকৰ অধীনত বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ যি কাম আৰম্ভ কৰিছে তাৰ মাজত বৰডাঙা গাঁৱৰ বেকী নদীত কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ তুলিছে ৰাইজে । কেৱল নিৰ্বাচন আহিলে জনপ্রতিনিধিয়ে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে আৰু জয়ী হোৱাৰ পিচত সকলো পাহৰি যায় বুলি ক্ষোভ প্ৰকাশ কৰে তেওঁলোকে । সেয়ে ৰাইজে উপায়ন্তৰ হৈ চৰকাৰ আৰু জনপ্ৰতিনিধিৰ কোনো সঁহাৰি নাপায় এইবাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী ৰাইজে । যদি বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এই গাঁওখনৰ লগতে বৃহত্তৰ কলগাছিয়া অঞ্চল গৰাখহনীয়াৰ কবলত পৰিব সেয়া নিশ্চিত । সেয়ে চৰকাৰৰ সু-দৃষ্টি কামনা কৰিছে ৰাইজে ।

লগতে পঢ়ক :Erosion of Beki river: কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া

ABOUT THE AUTHOR

...view details