অসম

assam

DAC election 2022: জেপিপিৰ সৈতে বিজেপিয়ে গঠন কৰিব দেউৰী স্বায়ত্ত শাসিত পৰিষদ

By

Published : Nov 14, 2022, 9:16 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

()
অৱশেষত বিজেপিৰে মিত্ৰতা কৰিলে জেপিপিয়ে(JPP ties alliance with BJP) ৷ জেপিপিৰ সৈতে বিজেপিয়ে গঠন কৰিব দেউৰী স্বায়ত্ত শাসিত পৰিষদ(Deori Autonomous Council) ৷ দেওবাৰে নিশা জেপিপিৰ পাৰিষদৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছতেই সংবাদ মাধ্যমৰ আগত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) ৷ দেউৰী ৰাইজৰ বিকাশ আৰু উন্নয়নৰ বাবে জেপিপি আৰু বিজেপিয়ে মিলি কাম কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে 12 খন আসন লাভ কৰাৰ বিপৰীতে জেপিপিয়ে ৭ খন আসনেৰে দ্বিতীয় স্থানত আছিল(DAC election 2022) ৷ ইয়াৰ পাছত দেওবাৰে সন্ধিয়া জেপিপিৰ আটাইকেইজন পাৰিষদেই মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে ৷ এই মিত্ৰতাৰ ক্ষেত্ৰত জেপিপিয়ে কোনো ধৰণৰ চৰ্ত নৰখাৰ কথা উল্লেখ কৰে ৷
Last Updated :Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details