অসম

assam

Illegally built market Demolished : পদপথত অবৈধভাৱে নিৰ্মিত বজাৰ, দোকানত উচ্ছেদ অভিযান

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:36 PM IST

পদপথত অবৈধভাৱে নিৰ্মিত বজাৰ, দোকানত উচ্ছেদ অভিযান

কৰিমগঞ্জ, 13 ছেপ্টেম্বৰ : অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান অব্যাহত থকাৰ সময়তে এইবাৰ কৰিমগঞ্জ পৌৰসভাই নগৰৰ মাজমজিয়াত অবৈধভাৱে নিৰ্মাণ কৰা বজাৰৰ লগতে দোকানসমূহ ভাঙি পেলায় । বুধবাৰে কৰিমগঞ্জ পৌৰসভাই কৰিমগঞ্জ চহৰৰ পিডবুডী কৰ্ণাৰ, চন্তৰবজাৰ পইণ্ট আৰু শিৱবাৰী ৰোড পইণ্টত অবৈধভাৱে নিৰ্মিত বজাৰৰ লগতে দোকান সাজি ফুটপাথ দখল কৰা অবৈধ দোকনাসমূহত উচ্ছেদ অভিযান চলায়। 

চহৰৰ মাজমজিয়াত এনেদৰে অবৈধভাৱে বজাৰ নিৰ্মাণ কৰাৰ ফলত প্ৰায়ে যান-জঁটৰ সৃষ্টি হয়। যান-জঁটৰ বাবে মানুহে চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। ৰাইজৰ দুখ-দুৰ্দশাৰ কথা লক্ষ্য কৰিয়েই বেদখল কৰা চৰকাৰী স্থান সমূহ বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে এই অভিযান চলাইছে । 

এই অভিযানত চক্ৰ বিষয়া আৰু অৰ্ধসামৰিক বাহিনী, সদৰ থানাৰ অ’ চিৰ লগতে আৰক্ষী বাহিনীয়ে পিডবুডী কোণ, চন্তৰবজাৰ পইণ্ট আৰু শিৱবাৰী ৰোড পইণ্টটো খালী কৰে। 

লগতে পঢ়ক:Theft incident: চোৰ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল চোৰ

ABOUT THE AUTHOR

...view details