অসম

assam

কুঁৱলীৰ বাবে নিমাতী-মাজুলী ঘাটত ফেৰী চলাচলত বাধা

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 11:03 AM IST

কুঁৱলীৰ বাবে নিমাতী-মাজুলী ঘাটত ফেৰী চলাচলত বাধা

মাজুলী, 5 জানুৱাৰী :ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত পৰা ডাঠ কুঁৱলীৰ বাবে নিমাতী-মাজুলীৰ মাজত ফেৰী চলাচল কৰাত বাধা আহি পৰিছে । যাৰ ফলশ্ৰুতিত বৰ্তমান নিমাতী ঘাটতে ৰখাই থোৱা আছে ফেৰীসমূহ। নদী পাৰ হ’বলৈ যাত্ৰী আহিছে যদিও নৈত কুঁৱলীৰ আৱৰণ নকমা পৰ্যন্ত নিমাতীৰ পৰা মাজুলী অভিমুখে ফেৰীসেৱা মুকলি নহয় বুলি জানিবলৈ দিয়ে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোকে ৷

শুকুৰবাৰে বাতৰি সংগ্ৰহ কৰা সময়লৈকে ফেৰী ঘাট পৰা খুলিব পৰা নাই । আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফালৰ পৰা জনোৱা মতে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নদীত কুঁৱলীৰ পৰিমাণ হ্ৰাস পালেহে ফেৰী চলাচল কৰিবলৈ দিয়া হ’ব । 

ইফালে মটৰ শ্ৰমিক সন্থাই আজি পুৱা 5 বজাৰ পৰা যি 48 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল তাৰ প্ৰভাৱ মাজুলীতো পৰিছে ৷ ফেৰী ঘাটত নাই যাত্ৰীবাহী বাহন । যি সকলে নদী পাৰ হ’বলৈ আহিছে তেওঁলোকে নিজৰ নিজৰ ব্যক্তিগত বাহন লৈ ফেৰীঘাটলৈ অহা দেখা গৈছে । 

লগতে পঢ়ক:ডাঠ কুঁৱলীৰ বাবে অফলামুখ-নিমাতীৰ মাজত ফেৰী চলাচলত বাধা

ABOUT THE AUTHOR

...view details