অসম

assam

77th Independence Day : সোণাৰিত পতাকা উত্তোলন জিলা আয়ুক্ত পলাশ কুমাৰ আহোমৰ

By

Published : Aug 15, 2023, 1:44 PM IST

77 সংখ্যক স্বাধীনতা দিৱস

ডিব্ৰুগড়, 15 আগষ্ট :আজি77 সংখ্যক স্বাধীনতা দিৱস ৷ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ জিলাৰ সোণাৰিত জিলা প্ৰশাসনৰ উদ্যোগত 77 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে চৰাইদেউ জিলা আয়ুক্ত পলাশ কুমাৰ আহোমে ।

দেশ মাতৃৰ কাৰণে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক শ্ৰদ্ধা জনোৱাৰ পাচতেই জিলা আয়ুক্তগৰাকীয়ে পতাকা উত্তোলন কৰে । ইয়াৰ লগে লগেই অনুষ্ঠিত হয় দেশপ্ৰেমমূলক বিভিন্ন সাংস্কৃতিক অনুষ্ঠান । সোণাৰিত আয়োজিত 77 সংখ্যক স্বাধীনতা দিৱসৰ এই অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ পৰিলক্ষিত হয় ।

লগতে পঢ়ক :77th Independence Day; যোৰহাট বাসীলৈ ডেৰ হাজাৰ কোটি টকাৰ প্ৰকল্প উপহাৰ মন্ত্ৰী অজন্তা নেওগৰ

ABOUT THE AUTHOR

...view details