অসম

assam

BPF protest in Baksa: হিতেশ বসুমতাৰীক মুক্তিৰ দাবীত বিপিএফৰ উত্তাল প্ৰতিবাদ

By

Published : Jan 11, 2023, 3:24 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

()
বাক্সা জিলাৰ সদৰ মুছলপুৰত কেইবাশতাধিক বি পি এফ নেতা-কৰ্মীয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰে (BPF protest in Baksha) । ৭ জানুৱাৰীৰ পুৱতি নিশা কোকৰাঝাৰ আৰক্ষীয়ে বি টি চি চুক্তি স্বাক্ষৰকাৰী তথা প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে বুধবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে (Demanding release of Hitesh Basumatary)। অস্ত্ৰসহ গ্ৰেপ্তাৰ হোৱা হিতেশ বসুমতাৰী ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি দোহাৰি অতি শীঘ্ৰে বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে। বৰ্তমানৰ ইউ পি পি এল দল তথা চৰকাৰকে আদি কৰি সমগ্র বিৰোধী শক্তিয়ে বি পি এফ দলক উৎখাত কৰাৰ বাবে এই ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰে বি পি এফ দলে । হিতেশ বসুমতাৰীৰ লগতে দাউৰাউ দেখ্ৰেব নাৰ্জাৰী আৰু বিক্ৰম দৈমাৰীকো বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনায় (Demanding release of 3 leaders) । প্ৰতিবাদস্থলীত কেইবাশতাধিক নেতা-কৰ্মীয়ে প্ৰমোদ বড়ো মুৰ্দাবাদ, হিতেশ বসুমতাৰীক অতিশীঘ্ৰে মুক্তি দিয়ক, বি টি আৰ চৰকাৰ হায় হায়, বি টি চিত অন্যায় নচলিব আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে ।
Last Updated :Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details