অসম

assam

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন: দুপৰীয়া 12 বজালৈ 33 শতাংশ ভোটদান

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 1:32 PM IST

দিগেৰ সমষ্টিৰ মৌলকণ ভোট গ্ৰহণ কেন্দ্ৰ দখল কৰাৰ চেষ্টা বিজেপি প্ৰাৰ্থীৰ

হাফলং, 8 জানুৱাৰী :আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভোট গ্ৰহণৰ দিন ৷ পুৱা 8 বজাৰ পৰা বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি থকাৰ মাজতে দিগেৰ সমষ্টিৰ মৌলকন ভোট গ্ৰহণ কেন্দ্ৰ দখল কৰাৰ অভিযোগ উঠিছে দিগেৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী চেময়েল চাংচনৰ বিৰুদ্ধে। বিজেপিৰ প্ৰাৰ্থীৰ সমৰ্থকসকলে মৌলকন ভোট গ্ৰহণ কেন্দ্ৰত দখলৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন হৈছে ৷  

এতিয়ালৈকে ডিমা হাছাও জিলাত ভোট দানৰ হাৰ হৈছে 33 শতাংশ । হাফলং সমষ্টিত পুৱা 11 বজাৰ পিচৰে পৰা ভোট গ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে ৷ হাফলং সমষ্টিত ভোটৰ হাৰ দুপৰীয়া 12 বজালৈ 30 শতাংশ ৷

ইপিনে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই হাফলং টাউন ৰাজি হলত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি ভোটাৰসকলৰ লগতে শাৰী পাতি থকা পৰিলক্ষিত হয় । অৱশ্য়ে এতিয়ালৈকে দিগেৰ সমষ্টিৰ মৌলকন ভোট কেন্দ্ৰত বিজেপিৰ সমৰ্থক সকলে দখল কৰাৰ চেষ্টা কৰাৰ অভিযোগৰ বাহিৰে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ খবৰ নাই।

লগতে পঢ়ক:উত্তৰ কাছাৰত চলি আছে ভোটগ্ৰহণ, লক্ষাধিক ভোটাৰে 86 গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় কৰিব ভাগ্য

ABOUT THE AUTHOR

...view details