ETV Bharat / state

উত্তৰ কাছাৰত চলি আছে ভোটগ্ৰহণ, লক্ষাধিক ভোটাৰে 86 গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় কৰিব ভাগ্য

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 11:17 AM IST

NCHA Council polls today : আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ভোট গ্ৰহণৰ দিন ৷ পুৱা 8 বজাৰ পৰা বৰ্তমানলৈকে শান্তিপূৰ্ণভাবে ভোটগ্ৰহণ চলি আছে ৷ প্ৰায় 1 লাখৰো অধিক ভোটাৰে ভাগ্য নিৰ্ণয় কৰি 86 গৰাকী প্ৰাৰ্থীৰ ৷

north cachar hills autonomous council polls today
লক্ষাধিক ভোটাৰে 86 গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় কৰিব ভাগ্য

লক্ষাধিক ভোটাৰে 86 গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় কৰিব ভাগ্য

হাফলং, 8 জানুৱাৰী : কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুৱা 8 বজাৰ পৰা উত্তৰ কাছাৰত অনুষ্ঠিত হৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ আজিৰ পৰিষদীয় নিৰ্বাচনত মুঠ 86 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব বেলট বক্সত । ইয়াৰে বিজেপিৰ 22 গৰাকী, কংগ্ৰেছৰ 22 গৰাকী, তৃণমূল কংগ্ৰেছৰ 11 গৰাকী, আপৰ 4 গৰাকী আৰু নিৰ্দলীয় 27 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব বেলট বক্সত।

প্ৰায় 1 লাখ 41 হাজাৰ 124 গৰাকী ভোটাৰে আজি 86 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ ইফালে পুৱা পৰা বৰ্তমানলৈকে শান্তি পূৰ্ণভাবে প্ৰায় 200 টাৰো অধিক ভোটকেন্দ্ৰত ভোট গ্ৰহণ চলি আছে ৷ আনহাতে, ইয়াৰে অতি স্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 27 টা আৰু স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 100 টা ।

বৰ্তমানলৈকে, 1 নম্বৰ হাফলং পৰিষদীয় সমষ্টিৰ বহুকেইটা ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে বুলি জানিব পৰা গৈছে ৷ বিপৰীতে কিছু ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা কম পৰিলক্ষিত হৈছে । প্ৰচণ্ড শীতৰ বাবে কিছু কিছু ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ উপস্থিতি সেৰেঙা হৈছে যদি দুপৰীয়া ভাগলৈ ভোটাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

ইপিনে হাফলং সাংস্কৃতিক ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ভোট দি ওলাই আহি এগৰাকী ভোটাৰে কয় যে, হাফলং সমষ্টিত মূল যুজঁ হ’ব বিজেপি আৰু কংগ্ৰেছৰ মাজত । নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে যি নিৰ্বাচনী হিংসা হৈছিল তাৰ বিপৰীতে ভোটগ্ৰহণৰ দিনা শান্তিপূৰ্ণভাবে ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে বুলি ভোটাৰ জনে সাংবাদিকৰ আগত উল্লেখ কৰে ৷

উল্লেখযোগ্য উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা সমষ্টিৰ ভিতৰত 22 টা পৰিষদীয় সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হৈ আছে ৷ ইতিমধ্যে পৰিষদৰ 6 টাকৈ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাত জয়লাভ কৰিছে ।

লগতে পঢ়ক : 28 টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ বাবে সাজু ডিমা হাছাও জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.