অসম

assam

কোনো কাৰণতে AIUDFৰ লগত কংগ্ৰেছৰ মিত্ৰতা নহয়: পৃথ্বীৰাজ সাথে

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 3:06 PM IST

ছয়গাঁৱৰ গৰৈমাৰীত কংগ্ৰেছৰ অটুট বন্ধন কাৰ্যসূচী

বকো, ১৮ ডিচেম্বৰ: কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীত কংগ্ৰেছ দলৰ অটুট বন্ধন কাৰ্যসূচী। গৰৈমাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত গৰৈমাৰী ৰাজীৱ ভৱন প্ৰাংগনত দেওবাৰে অনুষ্ঠিত এই অটুট বন্ধন কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাবধায়ক পৃথ্বীৰাজ সাথেই অংশগ্ৰহণ কৰে । তেওঁ আগন্তক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে লোৱা ৰণকৌশল সন্দৰ্ভত বক্তব্য় আগবঢ়ায় ।

প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাবধায়কগৰাকীয়ে কংগ্ৰেছ দলৰ বুথ পৰ্যায়ৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰি তুলিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায় ।

এই অটুট বন্ধন কাৰ্যসূচীত কংগ্ৰেছৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক এ কে ৰচিদ আলম, গোলোকগঞ্জ সমষ্টিৰ বিধায়ক সুবাহান আলী সৰকাৰ, প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা, এছ চি চেলৰ সভানেত্ৰী কৃষ্ণা দাস, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম উপস্থিত থাকি বিজেপি আৰু এ আই ইউ ডি এফ দলক তীব্ৰ সমালোচনা কৰে ।

তেওঁলোকে কংগ্ৰেছৰ ভেঁটি অধিক শক্তিশালী কৰি তুলিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায় । ইফালে, এ আই ইউ ডি এফ দলৰ মিত্ৰতা সম্পৰ্কে কংগ্ৰেছ দলৰ তত্ত্বাবধায়ক পৃথ্বিৰাজ সাথে আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদে কয় যে কোনো কাৰণতে এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ মিত্ৰতা নহয় ।

লগতে পঢ়ক:ডিব্ৰুগড়ৰ সংকল্প যাত্ৰাত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী, কিয় দিল্লী পালেগৈ ড৹ শৰ্মা ?

ABOUT THE AUTHOR

...view details