অসম

assam

Attempt to murder : শহুৰেকৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত জোঁৱায়েক

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 8:21 PM IST

শহুৰেকৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত জোঁৱায়েক

মৰিগাঁও, 1 ছেপ্টেম্বৰ : মৰিগাঁও সমীপৱৰ্তী দক্ষিণ চ'বড়ী নিগমত লোমহৰ্ষক ঘটনা সংঘটিত হৈছে ৷ শহুৰেকৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় জোঁৱায়েক টুলটুল ডেকা ৷ এই ঘটনা সংঘটিত কৰা শহুৰেক নাম ৰাজেন মেধি বুলি জানিব পৰা গৈছে । জানিব পৰামতে জোঁৱায়েক আৰু শহুৰেকৰ প্ৰায়েই বিবাদ চলি আহিছিল ৷ প্ৰায় দুই তিনিদিনৰ অন্তৰে অন্তৰে হৈ থকা এই কাজিয়াৰ মীমাংসা কৰিবলগীয়া হৈছিল গাঁওবাসীয়ে ৷ ফলত অতিষ্ঠ হৈ পৰিছিল গাঁওবাসীও ৷

ইফালে ৰাজেন মেধি গাঁৱৰ পাঠেক তথা ভকত বুলি জানিবলৈ দিয়ে গাঁৱৰ লোকে ৷ তেওঁ কি কাৰণত এই ঘটনাটো সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক স্থানীয় গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰি মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীক খবৰ দিয়ে।

ABOUT THE AUTHOR

...view details