অসম

assam

Anand Sharma health condition: ক্ৰমাৎ সুস্থ হৈছে আনন্দ শৰ্মা

By

Published : Dec 4, 2022, 2:55 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ভয়ংকৰ ৰেগিং কাণ্ডৰ বলি হৈ আত্মহত্যাৰ চেষ্টা কৰা আনন্দ শৰ্মা ক্ৰমাৎ সুস্থ হ'বলৈ ধৰিছে(Anand Sharma Health update) । চিকিৎসকৰ সহযোগত বিছনাত বহি হাত ভৰি লৰাব পৰাৰ লগতে অলপ অলপকৈ খোজ কাঢ়িব পৰিছে আজি আনন্দ শৰ্মাই(DU ragging controversy) । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডৰ পাছৰ পৰাই ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত জীৱন মৰণৰ সৈতে যুঁজিছিল আনন্দ শৰ্মাই (Anand Sharma health condition)। বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত তিনি ঘন্টা জোৰা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল আনন্দ শৰ্মাৰ । ৰাজহাড়ত হোৱা অস্ত্ৰোপচাৰৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ উঠিছে আনন্দ শৰ্মা(Dibrugarh University ragging case) । দেওবাৰে ভালদৰে চিকিৎসকৰ সৈতে কথাও পাতিছে আনন্দ শৰ্মাই । অলপ সময়ৰ বাবে বিচনাত বহি চিকিৎসকৰ পৰামৰ্শ মতে খোজ কাঢ়িব পাৰিছে আনন্দ শৰ্মাই । পাতল আহাৰ আৰু চাহ-বিস্কুট খাইছে আনন্দ শৰ্মাই । সকলোৱে আশা কৰিছে কম দিনতে সুস্থ হৈ শ্ৰেণীকোঠালৈ ঘুৰি আহক আনন্দ শৰ্মা ।
Last Updated :Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details