অসম

assam

Amrit Brikshya Andolan: মৰহি যোৱা গছ পুলি যোগানক লৈ উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 5:31 PM IST

মৰহি যোৱা গছ পুলি যোগানক লৈ উত্তপ্ত পৰিস্থিতি

জনীয়া, 17 ছেপ্টেম্বৰ : জনীয়াৰ তিতাপানীত অমৃত বৃক্ষ আন্দোলনৰ গছপুলি যোগান দিয়াৰ নামত চৰম ভেকোঁভাওনা । মৰহি যোৱা গছপুলি যোগান । আত্মসহায়ক গোটৰ মহিলাসকলৰ উত্তাল প্ৰতিবাদ ।

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত 1 কোটি গছপুলি ৰোপণ কৰাৰ সপোন দেখিছে ঠিক তেনে সময়তে ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 53 নং তিতাপানী গাওঁ পঞ্চায়তৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে মহিলা আত্ম-সহায়ক গোটত অমৃত বৃক্ষ আন্দোলনৰ গছপুলি যোগান দিয়াৰ নামত চৰম ভেকোঁভাওনা কৰা পৰিলক্ষিত হৈছে।

শিপা পচি গৈ মৰহি যোৱা গছ-পুলি যোগান দিয়াৰ পাচত আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে বৃহত্তৰ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । যাৰ বাবে গোটৰ মহিলাসকলে অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰে ভণ্ডামি বন্ধ কৰক, মহিলাসকলক হাৰাশাস্তি কৰা নচলিব, এই বিলাক গছ নালাগে আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

অতিশীঘ্ৰেই গছপুলি যোগান ধৰা ব্যক্তিৰ ওপৰত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা কৰিবলৈ আত্মসহায়ক গোটৰ প্ৰায় এক শতাধিক মহিলাসকলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে । আনহাতে যিদিনা আত্মসহায়ক গোটৰ মহিলাসকলক মৰহি যোৱা গছ পুলিৰ যোগান ধৰিছিল সেই দিনাই বিষয়টো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ বাবে ৰূপসী ব্লকৰ বি পি এম আবুদাৰদা আকন্দ কনকলতা ভিউৰ সভানেত্ৰীক গ্রুপৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছিল । 

লগতে পঢ়ক:Mutr Mati Mur Desh Program 2023: অমৃত বৃক্ষৰ পুলি ৰোৱাৰ পিচতেই এমাহলৈ ‘‘মোৰ মাটি মোৰ দেশ’’ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details