অসম

assam

Akhil Gogoi Press Meet: বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি নিদিবলৈ দাবী বিধায়ক অখিল গগৈৰ

By

Published : May 19, 2023, 5:59 PM IST

বহিঃৰাজ্যৰ প্ৰাৰ্থী নিযুক্তি দিয়াটো ৰাইজৰ দলে মানি নলয়

গুৱাহাটী,19 মে’ : অসমৰ প্ৰাথমিক শিক্ষক পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীক চৰকাৰে ৰঙাদলিচা পাৰি দিয়াক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শিক্ষাবিভাগে 5,320 টা পদ পূৰণৰ নথি-পত্ৰ পৰীক্ষাত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে ভিৰ কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (Akhil Gogoi Reaction Over Recruiting Candidates) ৷  

শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে কয় যে, প্ৰাথমিক শিক্ষক পদত বহিঃৰাজ্যৰ যথেষ্ঠ সংখ্যক প্ৰাৰ্থী অহা বুলি চৰ্চা হৈছে ৷ নথি-পত্ৰ পৰীক্ষাৰ বাবে বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগৰ পৰা প্ৰায় এহেজাৰ প্ৰাৰ্থী অসমলৈ আহিছে বুলি কয় বিধায়কজনে ৷ ৰাজ্য চৰকাৰে কোনো চাকৰিতে বহিঃৰাজ্যৰ প্ৰাৰ্থী নিযুক্তি দিয়াটো ৰাইজৰ দলে মানি নলয় বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে (Candidates from other States in Teacher Post) ৷  

প্ৰাথমিক বিদ্যালয়ত মাতৃ ভাষাত শিক্ষা প্ৰদান কৰা হয়, গতিকে প্ৰাথমিক বিদ্যালয়ত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি পোৱাটো জাতীয় স্বাৰ্থৰ বিৰোধী ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে হিন্দী আৰু বাংলা মাধ্যমৰ বাবেহে বাহিৰৰ প্ৰাৰ্থী অহা বুলি কৰা মন্তব্যক লৈ বিধায়ক গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমত 22 লাখ নিবনুৱা আছে তাৰ ভিতৰত 18 লাখ শিক্ষিত নিবনুৱা আছে ৷ ইয়াৰ পিছতো বহিঃৰাজ্যৰ প্ৰাৰ্থী অহাটোৱে চৰকাৰখন যে, জাতীয় স্বাৰ্থ বিৰোধী, থলুৱা, খিলঞ্জীয়া বিৰোধী এই কথা প্ৰতিপন্ন হৈছে (Akhil Gogoi slams govt) ৷

লগতে পঢ়ক:Road Accident in Majuli: মাজুলীৰ বৰগুৰি চাৰিআলিত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ খুন্দাত নিহত এজন ছাত্ৰ

ABOUT THE AUTHOR

...view details