Road Accident in Majuli: মাজুলীৰ বৰগুৰি চাৰিআলিত অতিৰিক্ত উপায়ুক্তৰ কনভয়ৰ খুন্দাত নিহত এজন ছাত্ৰ

By

Published : May 19, 2023, 4:33 PM IST

thumbnail

মাজুলী, 19 মে’: মাজুলীৰ বৰগুৰি চাৰিআলিত শুক্ৰবাৰে সংঘটিত হয় এক  ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ বাহনে মহতিয়ালে দুজনকৈ ছাত্ৰক ৷ থিতাতে নিহত এজন ছাত্ৰ (Road Accident in Majuli) ৷  

অতিৰিক্ত উপায়ুক্তৰ কনভয় জিলা সদৰ গড়মূৰলৈ আহি থকা অবস্থাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাত অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰৰ থিতাতে মৃত্যু হয় ৷  ইফালে মলয় নাথ নামৰ আন এজন দশম শ্ৰেণীৰ ছাত্ৰ গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত ৷ বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়োজন (Student Killed in a Road Accident) ৷  

এই ঘটনাক কেন্দ্ৰ কৰি দুৰ্ঘটনাস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ ইতিমধ্যে ৰাইজে ঘেৰাও কৰি ৰাখিছে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ লগতে অতিৰিক্ত উপায়ুক্তৰ লগত অহা আৰক্ষীৰ লোকসকলক (Student Killed in a Road Accident in Majuli) ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা মোতায়ন কৰা হৈছে চিআৰপিএফৰ দল ৷ জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন অত্যাধিক বেগত অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় (Additional DC convoy Hit Two Students in Majuli) ৷ 

লগতে পঢ়ক: SI Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ বাহনৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালকৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.