অসম

assam

মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ জুমুঠিক লৈ সোণাৰিত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত টনা-আজুৰা

By

Published : Sep 16, 2022, 6:17 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

বিদ্যুতৰ মাচুল হঠাৎ অভাৱনীয়ভাৱে বৃদ্ধি পোৱাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Electricity rate hike in Assam)। বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সোণাৰিত প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল (AJYCP protest at Sonari)। প্ৰতিবাদস্থলীত মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ জুমুঠিক লৈ আৰক্ষী-যুৱ ছাত্ৰ কৰ্মীৰ মাজত হোৱা টনা-আজুৰাৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে (Nandita Garlosa effigy burn at Sonari)। বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ণ কৰিছিল এই প্ৰতিবাদী কাৰ্যসূচী । শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে AJYCP কৰ্মীয়ে । দাহ কৰা জুমুঠি নুমুৱাবলৈ প্ৰতিবাদস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় ৷ বিদ্যুতৰ মাচুল বৃদ্ধি কৰা কাৰ্য কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details