অসম

assam

Agriculture program: খানাপাৰাস্থিত কৃষি ভৱনৰ চৌহদত কৃষি বিভাগৰ বিশেষ অনুষ্ঠানৰ আয়োজন

By

Published : Aug 11, 2023, 8:13 PM IST

খানাপাৰাস্থিত কৃষি ভৱনৰ চৌহদত কৃষি বিভাগৰ বিশেষ অনুষ্ঠানৰ আয়োজন

গুৱাহাটী, ১১ আগষ্ট :মহানগৰীৰ খানাপাৰাস্থিত কৃষি ভৱন চৌহদত শুকুৰবাৰে কৃষি বিভাগৰ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয় । এই অনুষ্ঠানত বিশ্ব বেংকৰ বিত্তীয় সাহায্যপ্ৰাপ্ত "এপাৰ্ট" প্ৰকল্পৰ অধীনত কৃষক উৎপাদক কোম্পানীসমূহক চাৰিচকীয়া কৃষি-উদ্যান শস্য পৰিবহণ বাহন আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। ৮০% চৰকাৰী ৰাজসাহায্যৰে কৃষক উৎপাদক কোম্পানীসমূহক এনে ২০ খন বাহন প্ৰদান কৰা হয়। এই অনুষ্ঠানতে ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি (উদ্যানশস্য)ৰ অধীনত তামোলৰ ঢকুৱাৰপৰা প্লেট তৈয়াৰ কৰা ৫ টা যন্ত্ৰও বিভিন্ন জিলালৈ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। 

এই অনুষ্ঠানত অংশগ্ৰহণ কৰা হিতাধিকাৰী কৃষক উৎপাদক কোম্পানীসমূহৰ কৃষক প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে কৃষিমন্ত্ৰী অতুল বৰাই। লগতে প্ৰতিনিধিসকলে কৃষি, উদ্যান শস্য বিভাগৰ সহযোগত বিভিন্ন কৃষিকাৰ্যত মনোনিৱেশ কৰি আত্মনিৰ্ভৰ হোৱাৰ বিষয়ে মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে। 

আনহাতে অনাগত সময়তো কৃষকসকলৰ বাবে বিভাগৰ ফালৰপৰা সম্ভৱপৰ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে মন্ত্ৰী অতুল বৰাই। এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাৰ উপৰিও বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, কৃষি বিভাগৰ যুটীয়া সচিব তথা অসম বীজ নিগমৰ পৰিচালন সঞ্চালক গুণজিৎ কাশ্যপ, কৃষি বিভাগৰ যুটীয়া সঞ্চালক তৰুণ হাজৰিকা প্ৰমুখ্যে কৃষি, উদ্যানশস্য বিভাগৰ অন্যান্য বিষয়া আৰু কৃষক উৎপাদক কোম্পানীসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

লগতে পঢ়ক:Illegal saw mill seized: অবৈধ কাঠৰ মিলসহ কাঠৰ কুন্দা জব্দ

ABOUT THE AUTHOR

...view details