অসম

assam

Two Students Missing: টিউশ্যনলৈ যোৱাৰ পথতে ৰহস্যজনকভাবে নিৰুদ্দেশ দুই ছাত্ৰ

By

Published : Oct 21, 2022, 7:20 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

ৰাজ্যত সঘনাই বৃদ্ধি হ’বলৈ ধৰিছে শিশু নিৰুদ্দেশৰ ঘটনা ৷ এইবাৰ বোকাখাতত টিউশ্যনলৈ যোৱাৰ পথতে বৃহস্পতিবাৰে ৰ'জ ইংলিছ হাই স্কুলৰ দুজনকৈ ছাত্ৰ নিৰুদ্দেশ হয় (Two students missing at Bokakhat)৷ নিৰুদ্দেশ হোৱা ছাত্ৰ দুজন হৈছে বিমল কুটুম আৰু কৌশল খণ্ডাইত। নৱম শ্ৰেনীত অধ্যয়নৰত আছিল ছাত্ৰ দুজন (Missing case at Bokakhat)৷ বৃহস্পতিবাৰে বিদ্যালয় বন্ধ থকাৰ পাছতো ব্যক্তিগত পাঠদানৰ বাবে পুৱা ঘৰৰ পৰা ওলাই গৈছিল ছাত্ৰ দুজন ৷ বিমল কুটুম নামৰ ছাত্ৰজনৰ ঘৰ বোকাখাত পানবাৰী আদৰ্শ মিছিং গাঁৱত আৰু কৌশল খণ্ডাইতৰ ঘৰ বোকাখাতৰ গোঁসাইবাৰীত ৷ বিদ্যালয় বন্ধ থকাৰ দিনত ব্যক্তিগত পাঠদান আৰু ফলাফল লোৱাৰ বাবে পুৱাতে ঘৰৰ পৰা ওলাই অহা ছাত্ৰ দুজন সন্ধিয়ালৈকে ঘৰলৈ ঘূৰি নহাত দুয়ো পৰিয়ালৰ লোকে বোকাখাত থানাত নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰিছে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details