অসম

assam

Eating Fast: আপোনাৰো ৰাজধানী এক্সপ্ৰেছৰ গতিত খোৱাৰ অভ্যাস আছে নেকি ? খোৱাৰ বাবে আমি কিমান সময় দিব লাগে জানি লওক

By

Published : Jul 25, 2023, 2:17 PM IST

Side Effects of Eating Fast: আপুনিও সেইসকল লোকৰ মাজৰ এজন নেকি যিয়ে আৰামত খাদ্য খাব নোৱাৰে, তেন্তে আমি আপোনালোকক কওঁ যে, এইটো এটা ডাঙৰ ভুলতকৈ কম নহয়, কাৰণ ই আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে ।

Eating Fast
দ্ৰুত খাদ্য খোৱাৰ পাৰ্শ্বক্ৰিয়া

আমি আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা প্ৰায়ে শুনি আহিছো যে খাদ্য লাহে লাহেকৈ খাব লাগে আৰু চোবাই খাব লাগে, কিন্তু আজিৰ দ্ৰুতগতিত চলি থকা জীৱনত বেছিভাগ মানুহৰে সময় নাই, সেয়ে তেওঁলোকে খুব সোনকালে খোৱাৰ কাম শেষ কৰিব বিচাৰে ।

আপুনি নিশ্চয় দেখিছে যে, পুৱাৰ ভাগত অফিচলৈ যাবলৈ খৰখেদা কৰি মানুহে খাদ্য ভালদৰে চোবাই নাখায় । ইয়াৰ বাহিৰেও আমি অফিচৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তো ৰাজধানী এক্সপ্ৰেছৰ দৰে গতিবেগ বৃদ্ধি কৰো, যাতে আমি লগে লগে কামলৈ যাব পাৰো, কিন্তু এই কাম কৰি আমি নিজকে ক’ৰবাত নহয় ক’ৰবাত অসুস্থ কৰি তুলিব পাৰো ।

খোৱাত কিমান সময় দিব লাগে ?

এই সন্দৰ্ভত চিকিৎসকে কয় যে, যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে খাদ্য খোৱাৰ বাবে আপুনি প্ৰায় ২৫ৰ পৰা ৩০ মিনিট সময় দিব লাগে । সম্পূৰ্ণ চোবাই লাহে লাহে খাব লাগে । সাধাৰণতে এটা টুকুৰা ২০ৰ পৰা ৩০ বাৰ চোবাই খাব লাগে ।

বেছি খৰকৈ খোৱাৰ পাৰ্শ্বক্ৰিয়া

১) যদি আপুনি বুলেট ট্ৰেইনৰ গতিৰে খাদ্য সম্পূৰ্ণ কৰে, তেন্তে ডিঙিত টুকুৰাটো আৱদ্ধ হৈ পৰিব পাৰে, যদি ই কেতিয়াবা ডিঙিৰ নলীত আৱদ্ধ হৈ পৰে তেন্তে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ।

২)যদি আপুনি খৰখেদাকৈ খাদ্য খায় তেন্তে আমাৰ পাচনতন্ত্ৰত অতিৰিক্ত চাপ পৰে, আনহাতে আমি যদি সম্পূৰ্ণ চোবাই খোৱাৰ পিছত খাওঁ তেন্তে পাচনতন্ত্ৰৰ কাম বহুত সহজ হৈ পৰে ।

৩) সঘনাই খাদ্য খোৱাৰ ফলত বদহজম, কোষ্ঠকাঠিন্য, গেছ, অৰ্শ জ্বলন, এচিডিটি আদি সমস্যাৰ সৃষ্টি হয়, যিয়ে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত প্ৰভাৱ পেলায় । মনত ৰাখিব যে খাদ্য চোবাই খালে পেটৰ কাম সহজ হৈ পৰে ।

৪)খৰখেদাকৈ খোৱাৰ অসুবিধা এইটোও যে ই দ্ৰুতগতিত আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে । যদি এই বেয়া অভ্যাস অব্যাহত থাকে তেন্তে পেট আৰু কঁকালত ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা যাব ।

৫) খৰখেদাকৈ খাদ্য গ্ৰহণ কৰিলে আপোনাৰ শৰীৰত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়, কাৰণ এই অভ্যাসে ইনচুলিনৰ প্ৰভাৱ কম কৰে আৰু তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি কৰে ।

৬) এই বেয়া অভ্যাসৰ বাবে আপুনি মেটাবলিক চিণ্ড্ৰমতো ভুগিব পাৰে, যাৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, যাৰ ফলত হাৰ্ট এটেক হ’ব পাৰে ।

লগতে পঢ়ক:Hemoglobin: শৰীৰৰ বাবে অতি জৰুৰী হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিব এই ৪বিধ খাদ্যই

ABOUT THE AUTHOR

...view details