অসম

assam

Suicide case in Bhupen Hazarika Setu: ধলা-শদিয়াৰ ড° ভূপেন হাজৰিকা সেঁতুৰ পৰা এগৰাকী কিশোৰী জপিওৱাক লৈ চাঞ্চল্য

By

Published : Mar 7, 2023, 2:09 PM IST

তিনিচুকীয়াৰ ধলা-শদিয়াৰ ড° ভূপেন হাজৰিকা সেঁতুৰ পৰা এগৰাকী কিশোৰী(teen age girl jumped from Bhupen Hazarika Setu) জপিওৱাক লৈ চাঞ্চল্য ৷ ড° ভূপেন হাজৰিকা সেঁতুৰ পৰা জঁপিয়ালে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে ৷ স্থানীয় আৰক্ষীয়ে সোমবাৰে এছ ডি আৰ এফৰ সহায়ত সন্ধিয়া পৰ্যন্ত উদ্ধাৰ অভিযান চলাই যদিও কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ নকৰে ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিচুকীয়াত ৷

suicide case in dhola sadiya bridge
ধলা-শদিয়া দলঙত আত্মহত্যাৰ ঘটনা

তিনিচুকীয়া, ৭ মাৰ্চ:-ৰাজ্যত সঘনাই বৃদ্ধি পাইছে আত্মহত্যাৰ দৰে ঘটনা(Suicide cases in Assam) ৷ কিশোৰ-কিশোৰী, যুৱক- যু্ৱতী, বিবাহিত পুৰুষ -মহিলাৰ লগতে আৰক্ষী- সেনা বাহিনীকে ধৰি বিভিন্ন বৃত্তিত জৰিত লোকৰ মাজত যথেষ্ট উদ্বেগ জনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা। ঘৰুৱা কন্দল, হতাশা, পাৰিবাৰিক সমস্যা, সংস্থাপনৰ অভাৱ, প্ৰেমজনিত ইত্যাদি বিভিন্ন কাৰণত ৰাজ্যত আত্মহননৰ পথ বাছি লোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ এক কথাত ক’বলৈ গ’লে আত্মহত্যা এতিয়া এক জটিল সমস্যালৈ পৰিণত হৈছে । আনহাতে লকডাউনৰ পিছতো আত্মহত্যাৰ ঘটনা(suicide case after lockdown) বৃদ্ধি পোৱা দেখা গৈছে ৷ হতাশাত ভুগি বহু সময়ত যুৱ প্ৰজন্ম নাইবা অন্যান্য ব্যক্তিয়ে এনে সিদ্ধান্ত লৈছে ৷

শেহতীয়াকৈ তিনিচুকীয়াত সংঘটিত হৈছে এটা আত্মহত্যাৰ ঘটনা ৷ তিনিচুকীয়াৰ ধলা-শদিয়া দলং অৰ্থাৎ ড° ভূপেন হাজৰিকা সেঁতুৰ(Suicide case in Bhupen Hazarika Setu) পৰা জঁপিয়ালে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে ৷ যোৱা সোমবাৰে দিনৰ প্ৰায় ১ বজাত ধলা-শদিয়া সেঁতুত শদিয়া দিশৰ পৰা তিনিচুকীয়া দিশে এখন যাত্ৰীবাহী বাছ গৈ থকাৰ সময়তে এগৰাকী কিশোৰীয়ে সেঁতুৰ পৰা জাপ মৰা প্ৰত্যক্ষ কৰে বাছখনৰ চালকে(suicide case in tinisukia dhola sadiya bridge) ৷ নীলা ৰঙৰ দুপাত্তা লৈ থকা কিশোৰী গৰাকীয়ে দলঙৰ পৰা জাঁপমৰা প্ৰত্যক্ষ কৰি বাছৰ চালকজনে সেঁতুৰ ওপৰত কৰ্তব্যৰত আৰক্ষীক অৱগত কৰে ৷ উক্ত স্থানত ততাতৈয়াকৈ স্থানীয় আৰক্ষীৰ দল উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে ৷ অনুসন্ধানত এযোৰ চেন্দেল উদ্ধাৰ কৰাৰ লগতে দলঙৰ ওপৰত উঠা ভৰিৰ চাপ পোৱা যায় ৷

কিছু সময়ৰ পাছতে স্থানীয় আৰক্ষীয়ে এছ ডি আৰ এফৰ সহায়ত সন্ধিয়া পৰ্যন্ত উদ্ধাৰ অভিযান চলাই যদিও কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ নকৰে ৷ আন্ধাৰ হোৱাৰ বাবে সন্ধিয়াৰ ভাগত সোমবাৰে উদ্ধাৰ অভিযানৰ সামৰণি মাৰে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে অৱগত হোৱাত ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীয়ে উদ্ধাৰ কৰা চেন্দেলযোৰ চিনাক্ত কৰে ৷ লগতে কিশোৰীগৰাকী ঘৰৰ পৰা ওলাই অহাটো নিশ্চিত কৰে আৰক্ষীক ৷

কিশোৰী গৰাকী ডুমডুমাৰ সমীপৰ বিছাকুপি চাহ বাগিছাৰ ১১ নং লাইনৰ ১৭ বছৰীয়া বন্দনা কুমাৰী বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে ৷ কিশোৰীগৰাকীয়ে পুৱা ঘৰত নিজৰ সকলো কাম সমাপন কৰি নিজ ইচ্ছাৰে ফুৰিবলৈ ওলাই আহিছিল বুলি জানিবলৈ দিয়ে কিশোৰীগৰাকীৰ পিতৃয়ে ৷ কিশোৰীগৰাকীৰ অত্মহত্যাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিচুকীয়াত ৷

লগতে পঢ়ক:Mega geobag attempt to prevent floods : বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়া ৰোধৰ বাবে ডিব্ৰুগড়ত দিনে নিশাই চলিছে প্ৰস্তুতি

ABOUT THE AUTHOR

...view details