অসম

assam

ডিগবৈৰ ভীমপথাৰত উদ্ধাৰ সন্দেহজনক বিস্ফোৰক সামগ্ৰী

By

Published : Apr 30, 2022, 11:19 AM IST

ডিগবৈৰ ভীমপথাৰত সন্দেহজনক বিস্ফোৰক সামগ্ৰী উদ্ধাৰ (Suspected explosive material recovered at Bhimpathar)। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ । বৰ্তমানো আৰক্ষীয়ে বোমা নে আন কিবা সামগ্ৰী সেই সন্দৰ্ভত স্পষ্ট কৰিব পৰা নাই ।

Suspected explosive material recovered
ডিগবৈৰ ভীমপথাৰত বোমাতংক

তিনিচুকীয়া, 30 এপ্ৰিল : ডিগবৈৰ ভীমপথাৰত শনিবাৰে পুৱাই সৃষ্টি হয় বোমাতংকৰ (Bomb scare in Digboi) ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ডিগবৈ পেঙেৰী সংযোগী পথৰ কাষৰ ভীমপথাৰত পুৱাই উদ্ধাৰ হয় সন্দেহজনক বিস্ফোৰক সামগ্ৰী (Suspected explosive material recovered at Bhimpathar) ৷ যাকলৈ অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

ডিগবৈৰ ভীমপথাৰত বোমাতংক

ঘটনাৰ বিৱৰণি অনুসৰি, আজি অৰ্থাৎ শনিবাৰে পুৱাৰ ভাগত ডিগবৈৰ অভিমুখে ভীমপথাৰৰ এজন যুৱকে মটৰ চাইকেলেৰে গৈ থকাৰ অৱস্থাত পথৰ কাষতে এটা পলিথিনৰ বেগ প্ৰত্যক্ষ কৰে ৷ পলিথিনৰ বেগটো কিছু পৃথক হোৱাত যুৱকজনৰ মনত সন্দেহ ওপজে ৷ তাৰ পাচতেই যুৱকজনে সন্দেহজনক পলিথনৰ বেগটোৰ সন্দৰ্ভত খবৰ দিয়ে ডিগবৈ আৰক্ষীক ৷

খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় ডিগবৈ আৰক্ষীসহ ভাৰতীয় সেনা বাহিনীৰ এটা বৃহৎ দল ৷

পৰৱৰ্তী সময়ত আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ দলটোৱে সমগ্ৰ অঞ্চলটো চীল কৰি দিয়ে ৷ সন্দেহজনক বিস্ফোৰক সামগ্ৰীখিনি প্ৰকৃততে বোমা নে আন সামগ্ৰী এতিয়ালৈ আৰক্ষী তথা সেনাবাহিনীৰ দলে স্পষ্ট কৰা নাই ৷ অৱশ্যে সেনা বাহিনীৰ তৰফৰ পৰা স্নিফাৰ ড’গসহ দিনজানৰ বোমা বিশেষজ্ঞ দলে বিভিন্ন অত্যাধুনিক যন্ত্ৰপাতিৰ সহায়ত পৰীক্ষণ অব্যাহত ৰাখিছে ৷

স্থানীয় লোক

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷ ইফালে ব্যস্তময় ডিগবৈ পেঙেৰী পথৰ কাষতে সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱাক লৈ পথৰ দুয়োকাষে বিভিন্ন কৰ্মক্ষেত্ৰৰ বাবে যোৱা যাত্ৰীৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকল আৱদ্ধ হৈ ৰৈছে ৷

লগতে পঢ়ক :ভোগদৈ নদীত উদ্ধাৰ শতাধিক সজীৱ গুলী

ABOUT THE AUTHOR

...view details