অসম

assam

Moran Kingdom: মৰাণ ৰজা ‘জৰোচা’ৰ সংৰক্ষিত স্থানত নামফলক স্থাপন

By

Published : Dec 18, 2022, 5:12 PM IST

Updated : Dec 18, 2022, 5:23 PM IST

তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ বনাঞ্চলৰ অন্তৰ্গত খেতৌগুটি বাৰীত থকা মৰাণ ৰজা ‘জৰোচা’ৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে আনুষ্ঠানিকভাৱে নামফলক স্থাপন কৰা হয় । জনশ্ৰুতি অনুসৰি নামফলক স্থাপন কৰা স্থানতে সপ্তম শতিকাত আছিল মৰাণসকলৰ ৰাজধানী(Kingdom of Moran) ৷

TSK Moran Kingdom
মৰাণ ৰজা ‘জৰোচা’ৰ সংৰক্ষিত স্থানত নাম ফলক স্থাপন

মৰাণ ৰজা ‘জৰোচা’ৰ সংৰক্ষিত স্থানত নামফলক স্থাপন

তিনিচুকীয়া, 18 ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ বনাঞ্চলত(Lakhipathar Forest) মৰাণ ৰজা(Moran King) ‘জৰোচা’ৰ সংৰক্ষিত স্থানত দেওবাৰে নামফলক স্থাপন । উল্লেখ্য যে, অসমৰ ভূমি পুত্ৰ মৰাণ সকলৰ সপ্তম শতিকাৰ ৰজা ‘জৰোচা’ৰ(Moran King Jorosa) কীৰ্তিচিহ্ন সমূহ সংৰক্ষিত কৰিবলৈ এই পদক্ষেপ হাতত লৈছে অসম মৰাণ সভা মাকুম আঞ্চলিক সমিতি(Moran Sabha), সদৌ মৰাণ ছাত্ৰ সন্থাকে(All Moran Students' Union) ধৰি মৰাণ জনগোষ্ঠীৰ ভগ্নী সংগঠন মৰাণ জাতীয় মহিলা পৰিষদে(Moran Mahila Jatiya Parishad) ৷

তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ বনাঞ্চলৰ অন্তৰ্গত খেতৌগুটি বাৰীত থকা মৰাণ ৰজা ‘জৰোচা’ৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে দেওবাৰে তিনিওটা সংগঠনৰ উদ্যোগত মৰাণ জনগোষ্ঠীয় ভকতবৃন্দৰ উপস্থিতিত সম্পূৰ্ণ নীতি-নিয়মেৰে আনুষ্ঠানিকভাৱে নাম ফলক স্থাপন কৰা হয় ।

উল্লেখ্য যে, জনশ্ৰুতি অনুসৰি নাম ফলত স্থাপন কৰা স্থানতে সপ্তম শতিকাত আছিল মৰাণসকলৰ ৰাজধানী(Moran Kingdom) ৷ উজনি অসমৰ তিনিচুকীয়া জিলাত বসবাস কৰি অহা ভূমিপুত্ৰ মৰাণসকলৰ(Moran Community) আছে স্বকীয় বৈশিষ্ট ৷ সেয়েহে এই স্থানক এক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে ৷

ইফালে, এই স্থানতে ৰাজ্য চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ(Amrit Sarovar Scheme) অধীনত পুখুৰী নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ সেয়েহে, এই সিদ্ধান্তৰ বিৰোধিতা কৰি চৰকাৰক এনে সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে সংবাদ মাধ্যম যোগে আহ্বান জনায় সংগঠন কেইটাই ৷ এই ঐতিহাসিক স্থানসমূহ সংৰক্ষণ কৰিবলৈ বন বিভাগক আহ্বান জনোৱা হ’ব বুলিও সদৰী কৰে মৰাণ জনগোষ্ঠীৰ নেতৃত্বই ৷

লগতে পঢ়ক:Tai Culture Center: তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ অধিবেশন সন্দৰ্ভত আয়োজক সমিতিৰ সংবাদমেল

Last Updated :Dec 18, 2022, 5:23 PM IST

ABOUT THE AUTHOR

...view details