ETV Bharat / state

Tai Culture Center: তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ অধিবেশন সন্দৰ্ভত আয়োজক সমিতিৰ সংবাদমেল

author img

By

Published : Dec 17, 2022, 9:08 PM IST

দুদিনীয়া কাৰ্যসূচীৰে ২৮, ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব তিনিচুকীয়া তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন ও টাই সাংস্কৃতিক সমাৰোহ (Tai Culture Center) ৷ তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত (ছ্যুকাংফা নগৰ) তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ প্ৰাংগণত আজি আয়োজিত এক সংবাদমেলত আয়োজক সমিতিয়ে সদৰী কৰে এই তথ্য ৷

Press conference on session of Tai Culture Center
তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ অধিবেশনৰ সন্দৰ্ভত সংবাদমেল সম্বোধন

তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ অধিবেশনৰ সন্দৰ্ভত সংবাদমেল সম্বোধন

তিনিচুকীয়া, 17 ডিচেম্বৰ: তিনিচুকীয়াত অনুষ্ঠিত হ’ব তিনিচুকীয়া তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিৱেশন ও টাই সাংস্কৃতিক সমাৰোহ ৷ তিনিচুকীয়া তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূৰ্ণাংগ অধিবেশন ও তাই সাংস্কৃতিক সমাৰোহৰ উদ্যোক্তা মণ্ডলীয়ে আজি এক সংবাদমেলৰ আয়োজন কৰে (Press conference on session of Tai Culture Center) ৷ তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত (ছ্যুকাংফা নগৰ) তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ প্ৰাংগণত সমাৰোহ উদযাপন উপলক্ষে আয়োজন কৰে এই সংবাদমেলৰ ৷

তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ স্থায়ী সমিতিৰ সভাপতি মনোজ কুমাৰ বৰা, সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰে আঁত ধৰে এই সংবাদমেলখন (Tai Culture Center) ৷ সংবাদমেলত উদ্যোক্তাই জনোৱা মতে, দুদিনীয়া কাৰ্যসূচীৰে ২৮, ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই সমাৰোহ ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা, প্ৰদৰ্শনী আৰু খাদ্যমেলাৰো আয়োজন কৰা হৈছে ৷ লগতে সংস্কৃতি চর্চা কেন্দ্ৰত এটি চাও চেং ৰেণ অৰ্থাৎ টাই আহোমসকলৰ উপাসনাস্থলী 28 তাৰিখে মুকলি কৰিব বুলি জনাই আয়োজক সমিতিয়ে ৷

লগতে পঢ়ক: Centenary Closing Ceremony: টিয়কৰ ১৬৭ নং হাতীচুংগী প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ অন্তিম দিন

লগতে সংবাদমেলৰ জৰিয়তে তাই সাংস্কৃতিক সমাৰোহ কাৰ্যসূচীত সকলোৰে সহায় সহযোগিতা কামনা কৰে আয়োজক সমিতিয়ে ৷ এই দুদিনীয়া কাৰ্যসূচীতে চাউল্যুং ছ্যু-কা-ফাৰ এটা প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডা৹ ৰনোজ পেগুয়ে আৰু চাও চেং ৰেণ উন্মোচন কৰিব শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু ৰাজহ মন্ত্ৰী যোগেন মহনে আৰু ৪২ জন আহোম স্বৰ্গদেউৰ লগতে টাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ ডাম সকলৰ নামত বৃক্ষৰোপণ কৰিব পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েঙে ৷

পৰৱৰ্তী সময়ত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত কৰাৰ লগতে অসমৰ কেইবাগৰাকীও স্বনামধন্য সংগীত শিল্পীৰ সংগীত পৰিবেশন আৰু বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে দুদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিব বুলি জানিব দিয়ে আয়োজক সমিতিয়ে ৷

লগতে পঢ়ক: Pitambar pith dham: দ্বিতীয় বৈকুণ্ঠধামত পৰিণত বিহালী ৰাংছালী পীতাম্বৰ পীঠ ধাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.