অসম

assam

তিনিচুকীয়াত পুথিভঁড়াল সপ্তাহ উদযাপন

By

Published : Jan 30, 2021, 8:35 PM IST

তিনিচুকীয়াত সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু পুথিভঁড়াল সপ্তাহ উদযাপন । শনিবাৰে তিনিচুকীয়াৰ অসম সাহিত্য সভা ভৱনত সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

তিনিচুকীয়াত পুথিভঁড়াল সপ্তাহ উদযাপন
তিনিচুকীয়াত পুথিভঁড়াল সপ্তাহ উদযাপন

তিনিচুকীয়া, ৩০ জানুৱাৰী: তিনিচুকীয়াত সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু পুথিভঁড়াল সপ্তাহ উদযাপন কৰা হয় । শনিবাৰে তিনিচুকীয়াৰ অসম সাহিত্য সভা ভৱনত সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈকে সমগ্ৰ অসমতে অনুষ্ঠিত হোৱা 'পুথিভঁড়াল সপ্তাহ'ৰ শনিবাৰে তিনিচুকীয়াত জিলাভিত্তিক ৰূপত অনুষ্ঠিত কৰা হয় । আনহাতে 'জ্যেষ্ঠ নাগৰিক কল্যাণ সম্পৰ্কীয় সজাগতা সভা' হিচাপে অনুষ্ঠিত কৰা দিনযোৰা কাৰ্য্যসূচীৰ বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰে জ্যেষ্ঠ নাগৰিক আবাসগৃহৰ আবাসী অৱন্তী সোনোৱালে ।

সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু পুথিভঁড়াল সপ্তাহ

সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ কাৰ্যকৰী সভাপতি মানৱ চেতিয়াই সভাপতিত্ব কৰা সজাগতা সভাখনত কেইবাজনো গণ্যমান্য ব্যক্তি বিশেষৰ লগতে পুথিভঁড়াল সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধ্ৰুৱজ্যোতি বৰঠাকুৰসহ প্ৰগতিশীল মহিলা মঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা জোনালী কুৰ্মী উপস্থিত থাকি বয়োজ্যেষ্ঠসকলৰ বাবে সন্থাই লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে ।

সন্থাৰ তিনিচুকীয়া জিলাৰ প্ৰতিষ্ঠাপক সদস্যা তথা বৰ্তমানৰ উপ-সভানেত্ৰী প্ৰণতি বৰুৱাই শনিবাৰৰ এই কাৰ্যসূচীৰ লগতে মহাত্মা গান্ধীৰ প্ৰতিও শ্ৰদ্ধাঞ্জলী জনাই পুথিভঁড়াল সন্থাই এখন সুন্দৰ সমাজ গঠন কৰি আগুৱাই যোৱাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে ।

উল্লেখ্য যে, অহা ২ফেব্ৰুৱাৰীত নগাঁওস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত পুথিভঁড়াল সপ্তাহৰ পৰিসমাপ্তি ঘটিব । শেষত সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সম্পাদক বংকিম চন্দ্ৰ গগৈয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি জাতীয় সংগীতেৰে সজাগতা সভাৰ সামৰণি মাৰে ।

লগতে পঢ়ক:মৰাণত 'স্ব-নিৰ্ভৰ নাৰী-আত্মনিৰ্ভৰ অসম' আঁচনিৰ শুভাৰম্ভ চক্ৰধৰ গগৈৰ

ABOUT THE AUTHOR

...view details