অসম

assam

Tinsukia Ambush: আলফাক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

By

Published : Jul 10, 2022, 11:49 AM IST

পেঙেৰীত সন্দেহজনক আলফা(স্বা)ৰ সদস্যক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা (Firing between police and ULFA in Tinsukia)। বৰডুমচা থানাৰ অন্তৰ্গত কুজুপথাৰ অঞ্চলত আলফাৰ দলে বাহৰ পাতি আছিল । গুলীয়াগুলিৰ ঘটনাত দুয়োপক্ষৰ কোনো লোক হতাহত হোৱা নাই যদিও সংঘৰ্ষস্থলীৰ পৰা পলায়ন আলফাৰ দলটোৰ ।

Tinsukia Ambush
আলফাক লক্ষ্যক কৰি আৰক্ষীৰ গুলীচালনা

তিনিচুকীয়া,১০ জুলাই :তিনিচুকীয়াত পুনৰ আৰক্ষী আৰু আলফাৰ মাজত সংঘৰ্ষ (Clashes between police and ULFA in Tinsukia)। কাকপথাৰৰ পাছত এইবাৰ পেঙেৰীত সন্দেহজনক আলফা(স্বা)ৰ সদস্যক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । অৱশ্যে ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

জানিব পৰা মতে বৰডুমচা থানাৰ অন্তৰ্গত কুজুপথাৰ অঞ্চলত আলফাৰ এটা দলে বাহৰ পাতি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে । তাৰ পাছতে উজনি অসমৰ উপ আৰক্ষী মহাপৰিদৰ্শক (DIG) জিৎমল দলেৰ নেতৃত্বত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি আৰু আৰক্ষীৰ এটা দলে ডিব্ৰু নৈৰ সমীপত নিশা এক এম্বুচ কৰে (Tinsukia Police Ambush)৷ আৰক্ষী থকাৰ উমান পায় ডিব্ৰু নৈৰ পাৰৰ ঘন জংঘলত বাহৰ পাতি থকা আলফাৰ দলটোৱে আৰক্ষীক লক্ষ্য কৰি প্ৰথমে গ্ৰেনেড নিক্ষেপ কৰে আৰু গুলীবৰ্ষণ আৰম্ভ কৰে ।

আলফাক লক্ষ্যক কৰি আৰক্ষীৰ গুলীচালনা

আলফাৰ গুলীৰ প্ৰত্যুত্তৰত আৰক্ষীও ধাৰাসাৰ গুলীচালনা কৰে ৷ দুয়ো পক্ষৰ মাজত প্ৰায় ২০ মিনিট সময় ধৰি প্ৰচণ্ড গুলীয়াগুলি চলাৰ পাছত নিশা এন্ধাৰৰ সুযোগ লৈ আলফাৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ গুলীয়াগুলিৰ ঘটনাত দুয়োপক্ষৰ কোনো লোক হতাহত হোৱা নাই যদিও কাকপথাৰ সংঘৰ্ষস্থলীৰ পৰা পলায়ন কৰা আলফাৰ দলটোৱে বাহৰ পাতি আছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে । ইফালে ৰূপম অসমৰ নেতৃত্বত থকা পাঁচজনীয়া আলফাৰ দলটোক বিচাৰি তিনিচুকীয়া আৰক্ষীয়ে দিনে-নিশাই অসম-অৰুণাচল সীমান্তত অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :তিনিচুকীয়াত পুনৰ সেনা বাহিনী আৰু আলফাৰ মাজত সংঘৰ্ষ

ABOUT THE AUTHOR

...view details