অসম

assam

কাকপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ "শ্মশান যাত্ৰা"

By

Published : Aug 4, 2019, 9:25 PM IST

নৱম আৰু দশম শ্ৰেণীৰ "বৈচিত্ৰময় অসম" নামৰ দ্ৰুতপাঠত চুতীয়া জনগোষ্ঠীৰ ইতিহাস অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিবাদত উত্তাল হৈ পৰে কাকপথাৰ ৷

কাকপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ "শ্মশান যাত্ৰা"

শদিয়া, 4 আগষ্টঃ নৱম আৰু দশম শ্ৰেণীৰ "বৈচিত্ৰময় অসম" নামৰ দ্ৰুতপাঠত চুতীয়া জনগোষ্ঠীৰ ইতিহাস অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে কাকপথাৰ ৷ চুতীয়া ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিয়ে আজি দিনৰ তিনিবজাত শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি শ্মশান যাত্ৰাৰে দাহ কৰে ৷ কাকপথাৰ হিন্দী বিদ্যালয়ৰ পৰা আৰম্ভ কৰা শ্মশান যাত্ৰা কাকপথাৰ থানা চাৰিআলিত এখন প্ৰতিবাদী সভাৰ যোগেদি সামৰণি পৰে ৷ অনতিপলমে উচ্চ মাধ্যমিকৰ দ্ৰুতপাঠত চুতীয়া সকলৰ ইতিহাস অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় সংগঠনটোৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে ৷

কাকপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ "শ্মশান যাত্ৰা"

ABOUT THE AUTHOR

...view details