অসম

assam

কা বিৰোধী আন্দোলনৰ পঞ্চ ছহিদৰ স্মৃতিত আত্ম বলিদান দিৱস

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 8:07 PM IST

তিনিচুকীয়াত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় আত্ম বলিদান দিৱস ৷ কা বিৰোধী আন্দোলনৰ পঞ্চ ছহিদৰ স্মৃতিত উক্ত দিৱস পালন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী আইন অসাংবিধানিক ৷

Tinsukia Atma Balidan Divas
কা বিৰোধী আন্দোলনৰ পঞ্চ ছহিদৰ স্মৃতিত আত্ম বলিদান দিৱস

কা বিৰোধী আন্দোলনৰ পঞ্চ ছহিদৰ স্মৃতিত আত্ম বলিদান দিৱস

তিনিচুকীয়া, ১২ ডিচেম্বৰ : মঙলবাৰে তিনিচুকীয়া জিলাৰ পানীতোলা বৰচাপৰি ৰাজহুৱা খেলপথাৰৰ প্ৰেক্ষাগৃহত পালন কৰা হয় আত্ম বলিদান দিৱস পালন কৰা হয় ৷ অসম জাতীয় পৰিষদৰ সৌজন্যত তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাকুম সমষ্টি সমিতিৰ সহযোগত কা বিৰোধী আন্দোলনৰ পঞ্চ ছহিদৰ স্মৃতিত কেন্দ্ৰীয়ভাৱে উক্ত দিৱস পালন কৰা হয় ।

আত্ম বলিদান দিৱসৰ পুৱা প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি লুৰীণজ্যোতি গগৈয়ে । ছহিদ তৰ্পণ কৰে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ইজৰাইল নন্দই । তাৰ পাছতেই উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন ৰাজহুৱা সভা আয়োজন কৰা হয় । সভাত সভাপতিত্বত কৰে অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ইজৰাইল নন্দই । সভাৰ আদৰণি ভাষণ দিয়ে শৈলেন বৰুৱাই ।

উল্লেখযোগ্য যে, কা বিৰোধী আন্দোলনৰ পাঁচগৰাকী ছহিদ ক্ৰমে ছহিদ ছেম ষ্টেফৰ্ড , ছহিদ দিপাঞ্জল দাস , ছহিদ ঈশ্বৰ নায়ক, ছহিদ আব্দুল আলিম, ছহিদ দ্বীজেন্দ্ৰ পাংগিঙৰ স্মৃতিত আয়োজন কৰে এই আত্ম বলিদান দিৱসৰ । আজিৰ এই অনুষ্ঠানতেই উপস্থিত থকা দ্বীজেন্দ্ৰ পাংগিঙৰ মাতৃ আৰু ভগ্নীক সম্বৰ্ধনা জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

উক্ত মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ইজৰাইল নন্দ, কেন্দ্ৰীয় নেতা উদ্দীপজ্যোতি গগৈ, চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী ভৱেন বৰুৱা, অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তি, জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱশক্তিৰ বিষয়ববীয়াসকলক প্ৰমুখ্য কৰি গণ্যমান্য ব্যক্তিসকল আৰু তিনিচুকীয়াবাসী ৰাইজ ।

লগতে পঢ়ক :কা বিৰোধী আন্দোলন তাৎক্ষণিকভাৱেহে বিফল হৈছিল: অখিল গগৈ

ABOUT THE AUTHOR

...view details