অসম

assam

AJYCP protest against Arunachali:জয়ৰামপুৰ কাণ্ডৰ প্ৰতিবাদত এজেৱাইচিপিৰ অবস্থান ধৰ্মঘট

By

Published : Jun 8, 2023, 4:42 PM IST

অৰুণাচলী দুৰ্বৃত্তই অসমীয়া লোকক হত্যা কৰাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৩ ঘন্টীয়া অবস্থান ধৰ্মঘট (Protest in Assam)। চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ সমাধানৰ বাবে দাবী প্ৰতিবাদকাৰীৰ ।

Protest against Arunachali encroachers
জয়ৰামপুৰ পাণবাৰীত অৰুণাচলী বেদখলকাৰীৰ আক্ৰমণ

জয়ৰামপুৰ পাণবাৰীত অৰুণাচলী বেদখলকাৰীৰ আক্ৰমণ

তিনিচুকীয়া,নলবাৰী ৮ জুন:যোৱা ৫ জুনত অসম-অৰুণাচল সীমান্তৰ ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ অন্তৰ্গত জয়ৰামপুৰ পাণবাৰীত অৰুণাচলী বেদখলকাৰীৰ আক্ৰমণৰ প্ৰতিবাদ ৰাজ্য়জুৰি অব্য়াহত (Protest against Arunachali encroachers)। অৰুণাচলী বেদখলকাৰীই সিদিনা গুলীয়াই হত্য়া কৰিছিল বগা চুতীয়া আৰু মণ্টু গগৈ নামৰ অসমীয়া লোক দুজনক ৷ অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আন কেইবাগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বর্তমান সংকটজনক অৱস্থাত আছে । এই কাৰ্যক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গৰিহণা দিছে । বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ইয়াৰ প্ৰতিবাদত ৰাজ্য়জুৰি পালন কৰে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট ।

ৰাজ্য়ৰ আন ঠাইৰ লগতে আজি তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট । দেশৰ স্বাধীনতাৰ পিছৰে পৰা অসমৰ সৈতে চুবুৰীয়া অৰুণাচল, নগালেণ্ড, মিজোৰাম, মেঘালয় আদি ৰাজ্যৰ সীমা বিবাদ চলি আছে । বিভিন্ন সময়ত উক্ত ৰাজ্যসমূহৰ দুৰ্বৃত্তই অসমৰ মাটি বেদখল কৰিবলৈ আহি সীমান্তৰ অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি অহৰহ ভাবুকিৰ সৃষ্টি কৰি আহিছে । আনকি চুবুৰীয়া বেদখলকাৰী দুর্বৃত্তৰ হাতত বহু অসমীয়ালোকে প্ৰাণ হেৰুৱাইছে ।

পৰিতাপৰ বিষয় যে সুদীর্ঘকাল ধৰি চলি থকা চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ সমাধান কৰাৰ বাবে অসম ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল- সংগঠনে অসম চৰকাৰক দাবী জনাই অহাৰ পিচতো চৰকাৰে এই সমগ্ৰ বিষয়টোত উদাসীনতা প্ৰদৰ্শন কৰি আহিছে । যাৰ পৰিণতিত অসংখ্য অসমীয়াই প্রাণ হেৰুৱাব লগা হৈছে (AJYCP demand for solve Border issue)।

যোৱা ৫ জুনত সংঘটিত ঘটনাত নিহত দুয়োগৰাকী ব্যক্তিৰ পৰিয়ালক চৰকাৰী সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দাবী জনাইছে । লগতে অনতিবিলম্বে অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা বিবাদ, অসমৰ মাটি উক্ত ৰাজ্য সমূহক এৰি নিদিয়াকৈ নিষ্পত্তি কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্ম লৈ জিলা উপায়ুক্তৰ জৰিয়তে এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে (Assam Arunachal border dispute) ।

ইপিনে, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়েও অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । অসম- অৰুণাচল সীমান্তকে ধৰি অসম প্ৰতিখন ৰাজ্যৰ লগত থকা সীমা সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনাই নলবাৰী নাট্য মন্দিৰ প্ৰাংগণত ৩ ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে । আজিৰ এই উক্ত কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে কেন্দ্ৰীয় নেতৃত্ব মনোৰম কলিতা, প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া গৌতম শৰ্মাৰ লগতে ব্ৰজেন চৌধুৰী ।

লগতে পঢ়ক:Protest in Nagaon: বিধায়কৰ ঘৰৰ সন্মুখত প্ৰতিবাদ কৰি আটক আপ নেতা

ABOUT THE AUTHOR

...view details