অসম

assam

সঞ্জয় কিষাণক মন্ত্ৰীত্বৰ পৰা বহিস্কাৰৰ দাবী অসম জাতীয় পৰিষদৰ

By

Published : Aug 12, 2021, 2:25 PM IST

কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰাজীৱ মাঝি নামৰ এজন যুৱকে ৷ ইয়াৰ পাছতেই সঞ্জয় কিষাণৰ ব্যক্তিগত সহায়ক হিচাপে কৰ্মৰত বনী চাহানীয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আন কেইবাটাও বিষ্ফোৰক অভিযোগ উত্থাপন কৰিছিল । কিন্তু এই অভিযোগ উত্থাপনৰ দুমাহ উকলি যোৱাৰ পাছতো চৰকাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰাত সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ ৷

ajp-press-meet-at-tinsukia
সঞ্জয় কিষাণক মন্ত্ৰীত্বৰ পৰা বহিস্কাৰৰ দাবী অসম জাতীয় পৰিষদৰ

তিনিচুকীয়া, 12 আগষ্ট :তিনিচুকীয়াৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে সাঙুৰ খোৱা অভিযোগৰ ওপৰত অসম চৰকাৰে কোনো গুৰুত্ব নিদিয়াক লৈ এতিয়া সৰৱ হৈ উঠিছে আঞ্চলিক দল অসম জাতীয় পৰিষদ । ৰাজীৱ মাঝিয়ে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত নিযুক্তি প্ৰদান কৰা বিভিন্ন চৰকাৰী চাকৰিত মন্ত্ৰী সঞ্জয় কিষাণে তেওঁৰ ঘনিষ্ঠ আৰু অঙহী-বঙহীক চাকৰি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

এই ঘটনাই ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল । আনহাতে মন্ত্ৰী সঞ্জয় কিষাণৰ পূৰ্বৰ ব্যক্তিগত সহায়ক (P.A) বনী চাহানীয়েও মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়াইছে । তিনিচুকীয়াৰ শুকান পুখুৰীস্থিত নৱনিৰ্মিত অসম মেডিকেল কলেজৰ কামত নিয়োজিত NCC কোম্পানী নামৰ সংস্থাটোৰ পৰা কেইবাবাৰো ধন সংগ্ৰহ কৰাৰ কথা বনী চাহানীয়ে ছ‘চিয়েল মিডিয়াৰ জৰিয়তে অভিযোগ তোলাৰ পাছত বিভিন্ন সংবাদ মাধ্যমত বাতৰিও সম্প্ৰচাৰ হৈছে ।

কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে এই বিষয়ত কোনো গুৰুত্ব প্ৰদান নকৰাত পৰিলক্ষিত হৈছে । অসমৰ আঞ্চলিক দল অসম জাতীয় পৰিষদে বৃহস্পতিবাৰে বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল আয়োজন কৰি কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ ওপৰত চৰকাৰক অতি সোনকালে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ৷ পৰিষদে মন্ত্ৰী সঞ্জয় কিষাণক মন্ত্ৰীত্বৰ পৰা বহিস্কাৰ কৰিবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ।

লগতে পঢ়ক :নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে মন্ত্ৰী সঞ্জয় কিষাণৰ

ABOUT THE AUTHOR

...view details