ETV Bharat / state

নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে মন্ত্ৰী সঞ্জয় কিষাণৰ

author img

By

Published : Jun 7, 2021, 10:35 PM IST

শ্ৰমিক কল্যাণ ও চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে সঞ্জয় কিষাণৰ বিৰুদ্ধে । বিভাগটোত ব্যাপক অনিয়মেৰে মন্ত্ৰীগৰাকীৰ অঙহী-বঙহীক চাকৰিত নিযুক্তি দিয়াৰ কথা পোহৰলৈ আনিছে ৰাজীৱ মাঝি নামৰ এজন যুৱকে ।

Minister Sanjay Kisan's named in recruitment scam
নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে মন্ত্ৰী সঞ্জয় কিষাণৰ

ধেমাজি, 7 জুন : এইবাৰ নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে মন্ত্ৰী সঞ্জয় কিষাণৰ ৷ শ্ৰমিক কল্যাণ ও চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে সঞ্জয় কিষাণৰ বিৰুদ্ধে । বিভাগটোত ব্যাপক অনিয়মেৰে মন্ত্ৰীগৰাকীৰ অঙহী-বঙহীক চাকৰিত নিযুক্তি দিয়াৰ কথা পোহৰলৈ আনিছে ৰাজীৱ মাঝি নামৰ এজন যুৱকে । সামাজিক মাধ্যমৰ জৰিয়তে যুৱকজনে উল্লেখ কৰিছে কেলেংকাৰীৰ বিভিন্ন তথ্য৷ মন্ত্ৰী কিষানৰ পৰিয়ালৰ লোকৰ লগতে ১০ গৰাকীকৈ ঘনিষ্ঠ লোকক নিযুক্তি দিয়াৰ তথ্য সম্বলিত এখন পত্ৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে যুৱকজনে ৷

নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছে মন্ত্ৰী সঞ্জয় কিষাণৰ

যুৱকজনৰ অভিযোগ অনুসৰি, শ্ৰমিক কল্যাণ ও চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ বিভিন্ন পদত নিযুক্তিৰ ক্ষেত্ৰত প্ৰকৃত যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অনিয়মেৰে বিভাগীয় মন্ত্ৰী আৰু বিভাগটোত কৰ্মৰত লোক সকলৰ আত্মীয় স্বজনক নিযুক্তি প্ৰদান কৰা হৈছে । গতিকে সামাজিক মাধ্যমৰ জৰিয়তে নিযুক্তি কেলেংকাৰীৰ বিষয়টোত এক উচ্চপৰ্যায়ৰ তদন্তৰ দাবী কৰিছে যুৱকজনে৷ যুৱকজনে প্ৰকাশ কৰা তালিকা মতে তলত উল্লেখ কৰা লোক কেইজনক নিযুক্তি দিয়া হৈছিল বিভাগটোত ৷

1) নেহা কৰ্মকাৰ : junior Assistant in ATEPFO ( মন্ত্ৰী সঞ্জয় কিষানৰ PA সঞ্জীৱ কৈৰীৰ সম্পৰ্কীয়)

2) সঞ্জীৱ নেওগ : পিয়ন (মন্ত্ৰী সঞ্জয় কিষানৰ কাৰ্যালয়ৰ ষ্টাফ)

3) থমাস ধন :ESI ফাৰ্মাচিষ্ট (মন্ত্ৰী সঞ্জয় কিষাণৰ পত্নীৰ ভায়েক)

4) দ্বীপেন কাইবাত্ৰা : চকীদাৰ (এওঁ মন্ত্ৰী সঞ্জয় কিষানৰ ৰান্ধনী )

5) দীপাংকৰ কায়স্থ : ESI পিয়ন । (মন্ত্ৰী সঞ্জয় কিষানৰ অফিচ ষ্টাফ )

6) নৱজ্যোতি বৰা : পিয়ন (মন্ত্ৰী সঞ্জয় কিষানৰ PA টিংকু বৰাৰ ভাতৃ ) ।

7)মুনমি ডেকা : পিয়ন ( মন্ত্ৰীৰ PA চলিত পাত্ৰৰ সহায়কৰ পত্নী )

8) মতী ৰেখা কাকতি : ড্ৰেছাৰ ESI ( মন্ত্ৰী সঞ্জয় কিষানৰ গাড়ী চালকৰ পত্নী )

9) শ্ৰীঅৰুণ তপ্ন : ATEPFO জুনিয়ৰ Assistant (মন্ত্ৰী সঞ্জয় কিষানৰ পত্নীৰ ভাতৃ)

আনহাতে, মন্ত্ৰী সঞ্জয় কিষাণে এই সমগ্ৰ বিষয়টো নস্যাৎ কৰি এয়া চৰকাৰ আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, শীঘ্ৰেই ইয়াৰ ব্য়ৱস্থা কৰা হ’ব ৷

লগতে পঢ়ক: আনন্দ-অভিজিৎ : চৰ্চাত দুই আৰক্ষী অধীক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.