অসম

assam

ভাৰতীয় চুখয় যুঁজাৰু বিমানত আকাশ মাৰ্গত ইউ এ ইৰ বায়ুসেনাই যোগান ধৰিলে ইন্ধন

By

Published : Jun 25, 2022, 12:27 PM IST

আন্তৰ্জাতিক পৰ্যায়ত ভাৰত ইউ এ ইৰ আছে এক মধুৰ সম্পৰ্ক । এইবাৰ ইয়াৰে প্ৰতিফলন ঘটিল আকাশ মাৰ্গত। ইজিপ্তলৈ যাওঁতে চুখই এছ ইউ-৩০এম কে আই যুঁজাৰু বিমানত ইন্ধন যোগান । এক টুইতত ইউ এ ইৰ বায়ু সেনাক ধন্যবাদ আই এ এফৰ(IAF)।

iaf
ভাৰতীয় চুখয় যুঁজাৰু বিমানত আকাশ মাৰ্গত ইউ এ ইৰ বায়ুসেনাই যোগান ধৰিলে ইন্ধন

তেজপুৰ, ২৫ জুন: ভাৰতীয় বায়ু সেনাই শুক্ৰবাৰে ইজিপ্তলৈ যাওঁতে চুখই এছইউ-৩০এমকেআই যুঁজাৰু বিমানত মিড এয়াৰত ফিউল ইন্ধন যোগান ধৰাৰ বাবে ইউ এ ইৰ বায়ু সেনাক ধন্যবাদ জ্ঞাপন কৰিছে (SU-30 MKI)। ভাৰতীয় বায়ুসেনাৰ অফিচিয়েল টুইটাৰ যোগে এই কথা প্ৰকাশ কৰেছে আইএএফয়ে( Indian Air Force)।

ইউএ ই'ৰ এমআৰটিটি বিমানখনে এছ ইউ-30এম কে আই দলটোৰ বিশেষ কাৰ্যসূচীৰ বাবে ইজিপ্তলৈ যোৱাৰ সময়ত আকাশ মাৰ্গতে এই সহায় কৰে ((UAE air force)। ইয়াৰ পাছতে আকাশ মাৰ্গত পথতেই ইন্ধন যোগান ধৰা ফটো টুইটাৰ যোগে প্ৰকাশ কৰিছে । চুখয় 30 এম কে আই বিমানে বহুদূৰ অতিক্ৰম কৰিব লগা হ'লে আকাশ মাৰ্গত ইন্ধন যোগান ধৰিব পাৰে আৰু ল'বও পাৰে ।

ভাৰতীয় চুখয় যুঁজাৰু বিমানত আকাশ মাৰ্গত ইউ এ ইৰ বায়ুসেনাই যোগান ধৰিলে ইন্ধন

বায়ুসেনাৰ সূত্ৰত প্ৰকাশ যে ভাৰতীয় বায়ু সেনাৰ এটা দলে ইজিপ্তৰ বায়ু সেনাৰ সৈতে দ্বিপাক্ষিক কৌশলগত নেতৃত্ব কাৰ্যসূচী'ত অংশগ্ৰহণ কৰিবলৈ ইজিপ্তত উপস্থিত হৈছে । এই অনুশীলনৰ উদ্দেশ্য সৰ্বশ্ৰেষ্ঠ পদ্ধতিবোৰ বুজি পোৱা আৰু আহৰণ কৰি সফল ভাৱে প্ৰয়োগ কৰা ।

উল্লেখ্য় যে ২০২১ চনৰ মাৰ্চ মাহত ইউ এইই ভাৰতীয় বায়ুসেনাই ফ্ৰান্সৰ পৰা ৰাফেল বিমান অনাৰ সময়ত আকাশ মাৰ্গতে ইন্ধন যোগান যোগান ধৰিছিল। সেই সময়ত ভাৰতীয় বায়ুসেনাৰ ৰাফেল যুঁজাৰু বিমান ফ্ৰান্সৰ পৰা ভাৰতলৈ আহি থকা অৱস্থাত আকাশ মাৰ্গতে ইন্ধনৰ নাটনি হৈছিল । এই বিষয়ে জানিব পাৰি ইউ এ ইৰ বায়ু সেনাৰ টেঙ্কাৰে ইন্ধন যোগান ধৰিছিল ।

লগতে পঢ়ক:AIADMK power conflict: দ্বৈত শক্তিৰ গাঁথনি বলবতৰ বিৰোধিতা এআইএডিএমকেৰ

ABOUT THE AUTHOR

...view details