অসম

assam

মঙলবাৰে 26 কোটি 88 লাখ টকীয়া পকীদলঙৰ ভূমি পূজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Feb 9, 2021, 11:01 PM IST

ৰঙানদী খাৰকাটিৰ ফটাসুঁতিত মঙলবাৰে 26 কোটি 88 লাখ টকীয়া পকীদলঙৰ ভূমি পূজন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ভূমি পূজন কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ সমষ্টিৰ পানীগাঁৱত এক বিশাল চাইকেল ৰেলীত ভাগ লয় ৷

today himnta biswa sarma at lokhimpur
মঙলবাৰে 26 কোটি 88 লাখ টকীয়া পকীদলঙৰ ভূমি পূজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নাওবৈচা, 9 ফেব্ৰুৱাৰী : লখিমপুৰ জিলাৰ ৰঙানদী খাৰকাটিৰ ফটাসুঁতিত মঙলবাৰে 26 কোটি 88 লাখ টকীয়া পকীদলঙৰ ভূমি পূজন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ সমষ্টিৰ পানীগাঁৱত এক বিশাল চাইকেল ৰেলীত ভাগ লয় ৷

মঙলবাৰে 26 কোটি 88 লাখ টকীয়া পকীদলঙৰ ভূমি পূজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পানীগাঁৱৰ পৰা আজাদ হৈ বৰমূৰীয়া তিনিআলিলৈকে প্ৰায় 20 কিলমিটাৰ পথ চাইকেল চলাই ৰেলী কৰে মন্ত্ৰী জনে । উক্ত ৰেলীত হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ জিলা সভাপতি ফনীধৰ বৰুৱা, বিজেপি কৰ্মী মানৱ ডেকাকে ধৰি বহু সংখ্যক বিজেপিৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

ইফালে সাংবাদিকক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক সমালোচনাৰ লক্ষ্য কৰি লয় ৷ তেওঁ কয়, 'কংগ্ৰেছে পুৱাই বদৰুদ্দিন আজমলৰ কথা চিন্তা কৰে ৷' গতিকে আজিকালি কংগ্ৰেছৰ পৰা 15 কিলমিটাৰ দূৰত অৱস্থান গ্ৰহণ কৰোঁ বুলি সাংবাদিকৰ আগত হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: কাইলৈ 19 সংখ্যক বিটিচি চুক্তি দিৱস

ABOUT THE AUTHOR

...view details