অসম

assam

চৰকাৰে আয়োজন কৰা শ্বহীদ দিৱস বৰ্জন শ্বহীদ পৰিয়ালৰ

By

Published : Dec 9, 2020, 9:34 PM IST

বিগত সময়চোৱাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বধীন বিজেপিৰ চৰকাৰে ১৯৮৩ চনৰ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালক ৫ টকাৰ এককালীন সাহায্যৰ আৰু শ্বহীদ স্মাৰক প্ৰদান কৰিছিল । তাৰ সমান্তৰলভাবে পৰৱৰ্তী সময়ত ২০১৯ চনত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি সমগ্ৰ অসমজুৰি হোৱা আন্দোলনৰ সময়ত শ্বহীদ পৰিয়াল সকলে এই মানপত্ৰ চৰকাৰক ঘূৰাই দিছিল ।

তেজপুৰত চৰকাৰে আয়োজন কৰা শ্বহীদ দিৱস বৰ্জন শ্বহীদ পৰিয়ালৰ
তেজপুৰত চৰকাৰে আয়োজন কৰা শ্বহীদ দিৱস বৰ্জন শ্বহীদ পৰিয়ালৰ

তেজপুৰ,৯ ডিচেম্বৰ : ১০ ডিচেম্বৰত ৰাজ্য চৰকাৰে তেজপুৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিব শ্বহীদ পৰিয়ালে । ৰাজ্য চৰকাৰে আয়োজন কৰা এই কাৰ্যসূচীৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থায় । সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি ৰাজ্য চৰকাৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে শ্বহীদ পৰিয়ালক সন্তুষ্ট কৰিবলৈ এনেধৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি একাংশই অভিযোগ উত্থাপন কৰিছে ৷

তেজপুৰত চৰকাৰে আয়োজন কৰা শ্বহীদ দিৱস বৰ্জন শ্বহীদ পৰিয়ালৰ

উল্লেখযোগ্য যে, বিগত সময়চোৱাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বধীন বিজেপিৰ চৰকাৰে ১৯৮৩ চনৰ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালক ৫ টকাৰ এককালীন সাহায্য আৰু শ্বহীদ স্মাৰক প্ৰদান কৰিছিল । তাৰ সমান্তৰলভাৱে পৰৱৰ্তী সময়ত ২০১৯ চনত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰি সমগ্ৰ অসমজুৰি হোৱা আন্দোলনৰ সময়ত শ্বহীদ পৰিয়াল সকলে এই মানপত্ৰ চৰকাৰক ঘূৰাই দিছিল । তাৰ মাজতে অহাকালিলৈ বৃহস্পতিবাৰে 10 ডিচেম্বৰত বিজেপি কেন্দ্ৰীয় যুৱ মৰ্চাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যিক ভাবে ১৯৮৩ ৰ শ্বহীদৰ স্থলী কিছু দূৰত আয়োজন কৰিছে শ্বহীদ দিৱস ৷ য’ত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

তেজপুৰত চৰকাৰে আয়োজন কৰা শ্বহীদ দিৱস বৰ্জন শ্বহীদ পৰিয়ালৰ

এই খনিতে প্ৰশ্ন হয় শ্বহীদৰ পৰিয়ালৰ বিননী শুনিব কোনে ৷ তেজপুৰৰ এগৰাকী ৭০ উদ্ধৰ শ্বহীদৰ মাতৃয়ে গুলিবিদ্ধ তেজেৰে তুমুৰলি হৈ থকা পুত্ৰৰ চোলা সজতনে ৰাখিছে ৷ ৩৫ বছৰ ধৰি মৃত পুত্ৰৰ ৰক্তাক্ত গুলিবিদ্ধ চোলাতো এনেদৰেই সজতনে ৰাখিছে মাতৃ গৰাকীয়ে। পুত্ৰ শোকত এতিয়াও এই গৰাকী মাতৃৰ দুচকু সেমেকি থাকে । এই গৰাকী শ্বহীদ ৰূপক নাথৰ মাতৃ ।

তেজপুৰত চৰকাৰে আয়োজন কৰা শ্বহীদ দিৱস বৰ্জন শ্বহীদ পৰিয়ালৰ

বৃদ্ধা মাতৃ গৰাকীয়ে কেমেৰা সন্মুখত নিজৰ আক্ষেপ প্ৰকাশ কৰি কৈছে চৰকাৰে কোনো কাম নকৰিলে শ্বহীদ সকলৰ হৈ আৰু কেতিয়াও খবৰ লোৱা নাই শ্বহীদ পৰিয়ালৰ । এতিয়া ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি অনুস্থানৰ আয়োজন কৰি শ্বহীদ পৰিয়ালক সন্তুষ্টি প্ৰদান কৰাৰ এক ৰাজনীতি কৰিছে বিজেপি চৰকাৰে । সেই হেতুকে তেজপুৰৰ এই সকল শ্বহীদ পৰিয়ালে অহা ১০ ডিচেম্বৰত ৰাজ্য চৰকাৰে কলেজিয়েট হাইস্কুল ফিল্ডত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী বৰ্জন কৰিছে । শ্বহীদ স্মাৰক ঘুৰাই দিয়া এই সকল শ্বহীদ পৰিয়ালক চৰকাৰে নিমন্ত্ৰণ জনাইছে যদিও কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছে শ্বহীদ পৰিয়ালে ৷

তেজপুৰত চৰকাৰে আয়োজন কৰা শ্বহীদ দিৱস বৰ্জন শ্বহীদ পৰিয়ালৰ

ইপিনে তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত আয়োজন কৰা কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থকাৰ কথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত, স্বাস্থ্য, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । ইতিমধ্যে শ্বহীদ পৰিয়ালে শ্বহীদ দিৱস বৰ্জন কৰাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাই এই কাৰ্যসূচীৰ বিৰোধিতা কৰিছে আৰু প্ৰতিবাদৰ বাবে সাজু হৈছে বুলি জানিবলৈ দিয়ে তেজপুৰ আছুৱে ৷ আছুৰ ক'লা পতাকা সন্মুখীনৰ বাবে যে সাজু হ'ব লাগিব মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰী সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে । তাৰমাজতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে কয় যে, এক মাত্ৰ বিজেপি চৰকাৰৰ দিনতহে শ্বহীদৰ পৰিয়ালক উচিত মূল্য দিয়া হৈছে । CAA আন্দোলনৰ সময়ত এই পৰিয়াল আৰু অসমৰ ৰাইজক বিভ্রান্তি কৰিছিল অপপ্ৰচাৰ চলোৱাৰ বাবে শ্বহীদ পৰিয়ালে স্মাৰক সমূহ ঘুৰাই দিছিল । এতিয়া প্ৰশ্ন হয় আৰু কিমান দিনলৈ শ্বহীদ পৰিয়ালক লৈ চৰকাৰে ৰাজনীতি কৰিব ৷ শ্বহীদ পৰিয়ালে প্ৰকৃত সন্মান-ন্যায় পাবনে সেইয়াহে এই সময়ত লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়কঃ চিৰাঙৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং-প’লিং বিষয়া সহ নিৰাপত্তা বাহিনী

ABOUT THE AUTHOR

...view details