অসম

assam

তেজপুৰ শলমৰাত নকল সোণৰ বিস্কুটসহ আটক প্ৰৱঞ্চক

By

Published : Sep 5, 2022, 10:51 PM IST

তেজপুৰৰ শালনিবাৰী আৰক্ষীৰ জালত পৰিছে এটা নকল সোণৰ ব্যৱসায়ী (Fake gold smuggler arrested in Tezpur) ৷ লগতে আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ২১৫ গ্ৰাম ওজনৰ নকল সোণৰ বিস্কুট আৰু এটা ম’বাইল ফোন ৷

Smuggler arrested with fake gold in Tezpur
তেজপুৰ শলমৰাৰ পৰা নকল সোণৰ বিস্কুটসহ আটক প্ৰৱঞ্চক

তেজপুৰ, ৫ ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে অভিযান (Operation against crime ) ৷ এই অভিযানত বিভিন্ন সময়ত আৰক্ষীৰ জালত পৰিছে বহু অপৰাধী ৷ লগতে আৰক্ষীয়ে জব্দ কৰিছে বহু বে-আইনীকৃত সামগ্ৰীও ৷

ভাৰতীয় সেনাৰ গজৰাজ চোৰাংচোৱাই প্ৰকাশ কৰা তথ্যৰ ভিত্তিত, শালনিবাৰী আৰক্ষীৰ এটা দলে সোমবাৰে বিয়লি শলমৰা সামৰিক ষ্টেচনত চলাই এক অভিযান ৷ এই অভিযান আৰক্ষীৰ দলটোলৱে শলমৰা সামৰিক ষ্টেচনৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত থকা শলমৰা গাঁৱত নকল সোণৰ বিস্কুটসহ আটক কৰে এজন লোকক (Fake gold smuggler arrested in Tezpur) ৷

ধৃত আটকাধীন লোকজনৰ নাম হাবিব উৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত হাবিব উৰ ৰহমানৰ ঘৰ ভালুক ঝাৰানীত বুলি উল্লেখ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, হাবিব উৰ ৰহমানে দীৰ্ঘদিন ধৰি নকল সোণ বিক্ৰী কৰি আহিছিল ৷ লগতে অভিযুক্ত হাবিবে তেজপুৰ সামৰিক ষ্টেচন আৰু ইয়াৰ আশে-পাশে নিয়োজিত প্ৰতিৰক্ষা কৰ্মীক প্ৰতাৰণাও কৰি আহিছিল ৷ এই তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷

সেই তথ্যৰ আধাৰতে আৰক্ষীয়ে অভিযান চলাই আটক কৰে অভিযুক্ত হাবিব উৰ ৰহমানক ৷ অভিযুক্ত হাবিব উৰ ৰহমানৰ পৰা আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে প্ৰায় ২১৫ গ্ৰাম ওজনৰ নকল সোণৰ বিস্কুট (Fake gold seized in Tezpur) আৰু এটা ম’বাইল ফোন ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত হাবিব ৷

তেজপুৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই উল্লেখ কৰা অনুসৰি, বৰ্তমান আৰক্ষীয়ে অভিযুক্ত হাবিবক সোধ পোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :Fake gold seized: ১৮ খনকৈ নকল সোণৰ নাওসহ আটক প্ৰৱঞ্চক

ABOUT THE AUTHOR

...view details