অসম

assam

Rhino Attack in Tezpur : তেজপুৰত গঁড়ৰ আক্ৰমণত এজন লোক আহত

By

Published : Oct 22, 2022, 3:53 PM IST

Updated : Oct 22, 2022, 8:50 PM IST

তেজপুৰত গঁড়ৰ আক্ৰমণত এজন লোক আহত ৷ আহত লোকজনৰ নাম আব্দুল ৰহিম (Rhino Attack in Tezpur)৷

Rhino Attack in Tezpur
তেজপুৰত গঁড়ৰ আক্ৰমণত এজন লোক আহত

তেজপুৰ, ২২ অক্টোবৰ : তেজপুৰ আৰক্ষী থানা(Tezpur police station) অন্তৰ্গত বিহগুৰি মুছলিম গাঁৱত এটা গঁড়ে মুক্ত বিচৰণ কৰি থকা ঘটনাই আতংকিত কৰি তুলিছে অঞ্চলবাসীক (Rhino terror in Tezpur) ৷ অঞ্চলটোবাসীৰ জীৱনৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷

শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ নং ধাৰাৰ অধীনত নিশাৰ ভাগত বৃহত্তৰ বিহগুৰি অঞ্চলত সৰ্বসাধাৰণ ৰাইজৰ ঘুৰা-ফুৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে (144 in Tezpur)। তৎকালীনভাৱে বলৱৎ হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা এই নিষেধাজ্ঞা গড়টো পিঞ্জৰাবদ্ধ নকৰা পৰ্যন্ত বৃহত্তৰ বিহগুৰি অঞ্চলত বাহাল থাকিব ।

উল্লেখ্য যে, ইতিমধ্যে গঁড়টোৰ আক্ৰমণত দুজন লোক আহত হৈছে । শনিবাৰে বিয়লি গঁড়ৰ আক্ৰমণত দুজনকৈ লোক আহত হোৱা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে৷ ঘটনাৰ বিৱৰণী অনুসৰি, গঁড়টো সমীপৰ শিঙৰী অঞ্চলৰ পৰা আহি বিহগুৰি মছজিদৰ ওচৰত বিচৰণ কৰি থকাৰ সময়তে উক্ত স্থানত বাঁহ কাটিবলৈ বুলি উপস্থিত হোৱা দুজনকৈ যুৱক গঁড়টোৰ আক্ৰমণৰ বলি হৈ আঘাতপ্ৰাপ্ত হয় (Rhino Attack in Tezpur)৷

আঘাতপ্ৰাপ্ত আব্দুল ৰহিম আৰু মীৰ হাছানক ততাতৈয়াকৈ সমীপৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়(Tezpur medical college) হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷ বৰ্তমানে চিকিৎসাধীন দুয়োগৰাকী বিপদমুক্ত বুলি জানিব পৰা গৈছে । গঁড়টো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি সন্দেহ কৰা হৈছে ৷ ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগৰ দলে গঁড়টোক খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :woman suicide along with baby: প্ৰথমে স্বামীৰ আত্মহত্যা, তাৰ পিছতেই সন্তানসহ মহিলাৰ আত্মহত্যা

Last Updated : Oct 22, 2022, 8:50 PM IST

ABOUT THE AUTHOR

...view details